NORTHEAST NOW (Assamese)
Popular Stories

বন্যপ্ৰাণী ৰক্ষাত ব্যৰ্থ চৰকাৰ! মানস ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ গুলীৰ প্ৰাণ হেৰুৱালে ৩ গজৰাজে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 3, 2025 1:21 pm

পুনৰ এবাৰ ভুল প্ৰমাণিত হ’ল চৰকাৰ দাবী। পাণবাৰী ৰেঞ্জৰ অন্তৰ্গত মানস ৰাষ্ট্ৰীয় উদ্যানত তিনিটাকৈ বন্যহস্তীক গুলীয়াই চোৰাং চিকাৰীয়ে হত্যা কৰিছে।

আজি দুবছৰ আগতেও পাণবাৰী ৰেঞ্জত চোৰাং চিকাৰীয়ে গড় হত্যা কৰিছিল বুলি জানিব পৰা গৈছে। খৰ্গ কাটি লৈ যোৱাৰ পাছত গেলি থকা অৱস্থাত গড় টো পোৱা গৈছিল।

ইমান বিলাক ঘটনা হৈ যোৱাৰ পাছতো কিয় আজি পৰ্যন্ত অসম চৰকাৰ তথা বন বিভাগে মানস ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষা প্ৰদান কৰিবলৈ অবহেলা কৰি আহিছে বুলি প্ৰশ্ন কৰিছে পশুপ্ৰেমীসকলে। সদায় বন্য প্ৰাণী হত্যা কৰাৰ পাছত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগে অভিযান চলাই তাৰ পূৰ্বেই কিয় বন বিভাগে ৰাষ্ট্ৰীয় উদ্যান খনক সুৰক্ষাৰ বাবে গুৰুত্ব নিদিয়ে বুলি প্ৰশ্ন কৰিছে প্ৰকৃতি প্ৰেমী দেৱজিত মৰাণে।