NORTHEAST NOW (Assamese)
অসম

এছিয়া কাপ ২০২৫ৰ পৰা বাদ পৰিব নেকি পাকিস্তান! কি কলে সুনীল গাভাস্কাৰে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 3, 2025 4:46 pm

ক্ৰিকেট কিংবদন্তি সুনীল গাভাস্কাৰে এছিয়া কাপ ২০২৫ সন্দৰ্ভত এক বক্তব্য প্ৰদান কৰি কয় যে তেওঁ পাকিস্তান প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাটো নিবিচাৰে। ২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা মাৰাত্মক সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে এই বিবৃতি প্ৰকাশ কৰিছে। পাকিস্তানৰ সৈতে উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে শ্ৰীলংকাৰ সৈতে ভাৰতে যৌথভাবে আয়োজন কৰা এই প্ৰতিযোগিতাখনত অংশগ্ৰহণত বাধা প্ৰদানৰ দৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।   ইতিমধ্যে পাকিস্তানৰ আমদানি নিষিদ্ধ কৰাৰ লগতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ দৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা ভাৰত চৰকাৰৰ নেতৃত্ব ভাৰত ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে অনুসৰণ কৰিব বুলি আশা প্ৰকাশ কৰিছে  কিংবদন্তি  ক্ৰিকেট খেলুৱৈ গৰাকীয়ে

পৰিস্থিতিৰ উন্নতি নহলে এছিয়া কাপৰ আয়োজন কৰা এছিয়ান ক্ৰিকেট কাউন্সিল (এচিচি) ভংগ হব পাৰে বুলিও গাভাস্কাৰে ইংগিত দিয়ে। পাকিস্তানক বাদ দি ভাৰতে বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান বা ইউ এ ইৰ দৰে দলৰ সৈতে নতুন প্ৰতিযোগিতা আয়োজন কৰিব পাৰে বুলি তেওঁ মত প্ৰকাশ কৰে উল্লেখ্য যে ভাৰত-পাকিস্তানৰ ক্ৰিকেটৰ সম্পৰ্কত প্ৰভাৱ পৰাটো এইটোৱেই প্ৰথম নহয়ভাৰতে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ যাত্ৰা কৰা নাছিল বৰঞ্চ ডুবাইত নিজৰ মেচ খেলিছিল। চৰকাৰ সমৰ্থত বিচিচিআইৰ দৃঢ় স্থিতিৰ বাবে অহা কেইমাহমানৰ ভিতৰত ডাঙৰ পৰিৱৰ্তন নহলে এছিয়া কাপত পাকিস্তানৰ অংশগ্ৰহণৰ সম্ভাৱনা কমৈ অহিছে

এই প্ৰতিযোগিতাৰ পৰা পাকিস্তানক বাদ পৰাৰ সম্ভাৱনাক লৈ অনুৰাগী আৰু বিশেষজ্ঞসকলৰ মাজত বিতৰ্কৰ সৃষ্টি হৈছে। একাংশ লোকে যুক্তি আগবঢ়াইছে যে এচিচিৰ অধ্যক্ষ পাকিস্তানৰ মহছিন নাকভিয়ে সিদ্ধান্তত প্ৰভাৱ পেলাব পাৰে, কিন্তু গাভাস্কাৰৰ মন্তব্যই ভাৰতৰ কঠোৰ স্থিতি প্ৰতিফলিত কৰিছে। যদিহে এচিচি ভংগ হয় বা পাকিস্তানক বাদ দিয়া হয় তেন্তে এছিয়াৰ ক্ৰিকেট প্ৰতিযোগিতা নতুন ৰূপ লাভ কৰিব। পাকিস্তানৰ সৈতে ক্ৰীড়া সম্পৰ্কতকৈ ভাৰতে নিৰাপত্তাক অগ্ৰাধিকাৰ প্ৰদান কৰাৰ লগে লগে এই মুহূৰ্তত এছিয়া কাপৰ ভৱিষ্যত অনিশ্চয়াৰ মাজত সোমাই পৰিছে।