NORTHEAST NOW (Assamese)
অসম

ভাইৰেল ফোন কলে কঁপাইছে ডিগবৈ! ৰাজহুৱা স্থানতে মুণ্ডন বিজেপি কৰ্মীৰ   

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 6, 2025 3:50 pm

ডিগবৈত সংঘটিত এটা নাটকীয় ঘটা! এটা ভাইৰেল ফোন কলে মৰাণ সমাজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। ক্ষোভিত ৰাইজে স্বিজেপি কৰ্মী কল্পজ্যোতি ফুকনক ধৰি তেওঁৰ চুলি কাটি দিয়ে। এই উত্তেজনাৰ সূচনা হৈছিল বৰহাপজান পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা নিৰ্দলীয় প্ৰাৰ্থী জুনমনি মৰাণ বিজেপি বিধায়ক সুৰেন ফুকনৰ মাজত হোৱা এটা ভাইৰেল ভিডিঅ’ৰ পৰা।

ভিডিঅ’টোত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত জুনমনি মৰাণে বিধায়কৰ সৈতে মুখামুখি হোৱা দেখা গৈছিল। এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত বিয়পি পৰে আৰু ৰাজ্যৰ সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰে। ইয়াৰ পিছতে বিধায়ক সুৰেন ফুকনৰ সমৰ্থকসকলে জুনমনি মৰাণৰ বিৰুদ্ধে ডুমডুমা থানাত এফআইআৰ দাখিল কৰে। ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা  ফোন কলৰ ৰেকৰ্ডিংত কংগ্ৰেছ নেতা লাচিত মৰাণ (উৰফে ৰাজীৱ) আৰু বিধায়ক ফুকনৰ ঘনিষ্ঠ সহযোগী ননী গোপাল দত্তৰ মাজত উত্তপ্ত কথা-বতৰা শুনা যায়। ৰেকৰ্ডিঙটোত বিজেপি কৰ্মী কল্পজ্যোতি ফুকনে টিংৰাইত লাচিত মৰাণৰ উপস্থিতিৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰি ভাবুকিমূলক মন্তব্য কৰিছিল। এই ৰেকৰ্ডিঙে মৰাণ সম্প্ৰদায়ৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰে। ক্ষুব্ধ স্থানীয় লোকে কল্পজ্যোতি ফুকনক বগাপানীৰ ঘৰৰ পৰা টানি আনি টিংৰাই বজাৰত লৈ আহে আৰু  তেওঁৰ মূৰৰ চুলি কাটি দিয়ে।

ঘটনাৰ পিছত আৰক্ষীয়ে উপস্থিত হৈ কল্পজ্যোতি ফুকনক উদ্ধাৰ কৰে। লগতে, ডিগবৈ আৰক্ষীয়ে মৰাণ ছাত্ৰ সন্থা (ডিগবৈ আঞ্চলিক শাখাৰ)ৰ প্ৰাক্তন সভাপতি আকাশ মৰাণক আটক কৰি সোধা-পোছাৰ বাবে ডিগবৈ থানালৈ লৈ যায়। এই ঘটনাই ডিগবৈত যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰিছে, আৰু অধিক উত্তেজনা ৰোধ কৰিবলৈ কৰ্তৃপক্ষ হাই এলাৰ্টত আছে।