NORTHEAST NOW (Assamese)
Popular Stories

‘প্ৰধানমন্ত্ৰীয়ে তিনিদিন আগতেই খবৰ পাইছিল, গতিকে কাশ্মীৰলৈ যোৱা নাছিল’! পেহেলগাম কাণ্ড সন্দৰ্ভত মল্লিকাৰ্জুন খৰ্গেৰ দাবী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 6, 2025 4:49 pm

কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গেয়ে পেহেলগাম কাণ্ডক লৈ দেশৰ ৰাজনীতিত বিতৰ্কৰ সৃষ্টি কৰিছে। মঙলবাৰে তেওঁ দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰত সম্ভাব্য সন্ত্ৰাসবাদী আক্ৰমণৰ চোৰাংচোৱা প্ৰতিবেদন লাভ কৰিছিল। যাৰ ভিত্তিত প্ৰধানমন্ত্ৰীয়ে কাশ্মীৰ ভ্ৰমণ বাতিল কৰে।

খৰ্গেয়ে কয়, “মই জানিব পাৰিছো যে ২২ এপ্ৰিলত পেহেলগাম আক্ৰমণৰ তিনিদিন পূৰ্বে প্ৰধানমন্ত্ৰীলৈ চোৰাংচোৱা প্ৰতিবেদন প্ৰেৰণ কৰা হৈছিল। এই বিষয়ে বাতৰি কাকততো পঢ়িছো।”  কংগ্ৰেছৰ সভাপতিৰ ভাষাত, ‘‘পেহেলগামত ২৬ জন পৰ্যটকৰ হত্যাকাণ্ডত চোৰাংচোৱা বিফলতা হোৱা বুলি কেন্দ্ৰীয় চৰকাৰে মানি লৈছে। আচলতে আগতীয়াকৈ জানিও তেওঁলোকে একোৱেই কৰা নাছিল।”

কিছুমান প্ৰকাশিত বাতৰিৰ প্ৰতিবেদনত পূৰ্বে দাবী কৰা হৈছিল যে কেন্দ্ৰীয় চোৰাংচোৱা ব্যুৰো (আই বি) আৰু অন্যান্য চোৰাংচোৱা সংস্থাই কাশ্মীৰত পৰ্যটকৰ ওপৰত সম্ভাৱ্য আক্ৰমণৰ তথ্য লাভ কৰিছে। চোৰাংচোৱা বিষয়াসকলে জানিছিল যে এপ্ৰিল মাহত এই আক্ৰমণ হব পাৰে।প্ৰধানমন্ত্ৰী মোদীৰ ১৯ এপ্ৰিলত জম্মু-কাশ্মীৰ ভ্ৰমণৰ কথা আছিল ।কিন্তু সেয়া বাতিল কৰা হয়।

প্ৰসংগক্ৰমে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ বিষয়ত মোদী চৰকাৰৰ কাষত থিয় দিবলৈ বিৰোধী একত্ৰিত হয়। খৰ্গেয়ে কয় যে তেওঁলোকে সংকটৰ পৰিস্থিতিত ৰাজনীতি কৰিব নিবিচাৰে। কিন্তু যোৱা শনিবাৰে মোদীয়ে কটুতাৰে সেই একেবোৰ বিৰোধীকে ৰাজনৈতিকভাৱে লক্ষ্য কৰি লৈছিল। কেৰালাৰ তিৰুৱনন্তপুৰমৰ সমীপত কেন্দ্ৰ, ৰাজ্য আৰু আদানী গোটৰ যৌথ উদ্যোগ বিৰিদঞ্জাম সাগৰীয় বন্দৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে বিৰোধী শিবিৰত খন্দা মাৰি কয়, “মই কেৰেলাৰ মুখ্যমন্ত্ৰী (পিনাৰায় বিজয়ন)ক কওঁ, আপুনি ইণ্ডিয়া মিত্ৰজোটৰ এক অতি শক্তিশালী স্তম্ভ। আপুনি ইয়াত আছে, শশী থাৰুৰ (কংগ্ৰেছৰ সাংসদ) বহি আছে।  আজিৰ অনুষ্ঠানটোৱে ৰাতি বহুতকে জগায় ৰাখিব!”

প্ৰধানমন্ত্ৰীৰ কটুক্তিৰ পাছত কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সংগঠন) কে চি বেনুগোপালে কয় যে বিৰোধীয়ে পাকিস্তানৰ বিৰুদ্ধে চৰকাৰৰ কাষত থিয় দিছে। কিন্তু প্ৰধানমন্ত্ৰীয়ে বিৰোধীক অপমান কৰিছে। এয়াই প্ৰধানমন্ত্ৰীৰ মানসিকতা।