NORTHEAST NOW (Assamese)
অসম

বেতন বঞ্চিত কৰ্মৰত শিক্ষকৰ সমস্যা সমাধানৰ দিশত! : ধন্যবাদ জনালে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীক

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ October 11, 2020 4:15 pm
Screenshot_20201011-151917_WhatsApp

অসমৰ বেতন বঞ্চিত শিক্ষকৰ দীৰ্ঘদিনীয়া এক সমস্যা সমাধান হোৱাৰ পথত। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আগবাঢ়িছে সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন বিজেপি চৰকাৰ।

শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজহুৱাভাৱে দিয়া আশ্বাস আৰু বিষয়টো কেবিনেটত অনুমোদনৰ যো-যো চলোৱা কাৰ্যত উৎফুল্লিত হৈ পৰিছে ১,৫৩০ গৰাকী বেতন বঞ্চিত কৰ্মৰত শিক্ষক তথা পৰিয়াল।

শিৱসাগৰত আজি বেতন বঞ্চিত শিক্ষকসকলে অনুষ্ঠিত কৰা এক বিশেষ অনুষ্ঠানত এইসকল শিক্ষকৰ দীৰ্ঘ দিনীয়া সমস্যাটো সমাধান কৰিবলৈ আগবাঢ়ি অহাৰ বাবে মুখ্যমন্ত্ৰী আৰু শিক্ষা তথা বিত্ত মন্ত্ৰীক ধন্যবাদ জনায়।

আনহাতে প্ৰাপ্য মজুৰি বিচাৰি ৰাজপথত দীৰ্ঘদিন কৰি অহা প্ৰতিটো আন্দোলনত সহযোগ কৰা সকলো দল সংগঠন তথা ব্যক্তি বিশেষক ধন্যবাদ জনায় ১,৫৩০ গৰাকী বেতন বঞ্চিত কৰ্মৰত শিক্ষকে।

উল্লেখ্য যে সমগ্ৰ অসমত ৪,৩৩৪ গৰাকী বেতন বঞ্চিত শিক্ষকে বিনে বেতনে দীৰ্ঘদিন ধৰি শিক্ষকতা কৰি আহিছে। ইয়াৰে ভিতৰত ১,৫৩০ গৰাকী শিৱসাগৰৰ। আনহাতে শিৱসাগৰৰ বহু কেইগৰাকী শিক্ষক বিনা বেতনে চিকিৎসাৰ অভাৱত মুত্যু হৈছে।

আনহাতে উক্ত অনুষ্ঠানত যৌথ সংগ্ৰামী মঞ্চৰ মুখ্য আহ্বায়ক প্ৰয়াত অশ্বিনী কুমাৰ চেতিয়া আৰু বিনা বেতনেৰে মৃত্যুবৰণ কৰা প্ৰয়াত সতীৰ্থ সকলক শ্ৰদ্ধাঞ্জনি জনায়।