NORTHEAST NOW (Assamese)
অসম

এন্ধাৰতেই থাকি গ’ল বহু সত্য : APSC কেলেংকাৰীৰ ৰাজ সাক্ষী মৃগেন শইকীয়াৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 6, 2025 5:35 pm

মঙলবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰিলে ৰাজ্য কঁপোৱা APSC কেলেংকাৰীৰ মূল সাক্ষী ডাঃ মৃগেন শইকীয়াই।

পুৱা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হ’ল পশু চিকিৎসক মৃগেন শইকীয়াৰ।

উল্লেখ্য যে APSC কেলেংকাৰীৰ কেইবাজনো অভিযুক্তৰ ভিতৰত অন্যতম আছিল মৃগেন শইকীয়া। শেহতীয়াকৈ প্ৰকাশ পোৱা বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত উল্লেখ আছে মৃগেন শইকীয়াই ন্যায়িক কমিটীৰ আগত দিয়া কেতবোৰ বিস্ফোৰক ভাষ্য।

APSC কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালৰ একেবাৰে ঘনিষ্ঠ আছিল মৃগেন শইকীয়া। ন্যায়িক বিপ্লৱ কুমাৰ শৰ্মাৰ তদন্তত ৰাকেশ পালৰ নৈতিক চৰিত্ৰ সম্পৰ্কেও বিস্ফোৰক মন্তব্য দিছিল শইকীয়াই। পালে চাকৰিৰ বিনিময়ত দুগৰাকী মহিলাৰ লগত যৌন সম্পৰ্ক গঢ়াৰ কথাও উল্লেখ কৰিছিল শইকীয়াই।

কেৱল এয়াই নহয়, তদন্তৰ সময়ত তদানীন্তন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা কমল কুমাৰ মেধি, আই টি আই কৰ্মী দুলাল বৰা আৰু অখিল গগৈ নামো উচ্চাৰণ কৰিছিল মৃগেন শইকীয়াই। এতিয়া মৃগেন শইকীয়াৰ মৃত্যুত এই কেলেংকাৰীৰ তদন্তত প্ৰভাৱ পৰাৰ লগতে বহু তথ্য এন্ধাৰতে থাকিব বুলি শংকা প্ৰকাশ কৰিছে বিশেষ মহলে।