NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

প্ৰত্যাঘাতৰ কথা সপোনতো নাভাবিবা : অপাৰেশ্যন সিন্দুৰৰ পিছত পাকিস্তানক সকীয়ালে ড’নাল্ড ট্ৰাম্পে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 7, 2025 11:24 am

অপাৰেশ্যন সিন্দুৰৰ পিছত পাকিস্তানক সকীয়াই দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অপাৰেশ্যন সিন্দুৰৰ পিছত ভাৰতৰ ওপৰত প্ৰতিশোধমূলক আক্ৰমণ নকৰিবলৈ পাকিস্তানক সৰ্তক কৰি দিছে ট্ৰাম্পে।

আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই পাকিস্তানলৈ ফোন কৰি সকীয়াই দিয়ে যে প্ৰত্যাক্ৰমণ কৰি পৰিস্থিতি যুদ্ধলৈ বৃদ্ধি নকৰিব।

হোয়াইট হাউছৰ এজন বিষয়াৰ মতে, ৰুবিঅ’ই স্পষ্ট কৰি দিছিল যে ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সম্পূৰ্ণ অধিকাৰ আছে।

উল্লেখ্য যে অপাৰেশ্যন সিন্দুৰৰ দ্বাৰা পাকিস্তানৰ লস্কৰ-ই-তৈবা আৰু অন্যান্য উগ্ৰপন্থী সংগঠনৰ মুখ্য কাৰ্যালয় ধ্বংস কৰা হয়।

এই আক্ৰমণত কমেও ৯০ টা সন্ত্ৰাসবাদী নিহত হোৱা বুলি জনা গৈছে।