NORTHEAST NOW (Assamese)
দেশ

অপাৰেশ্যন সিন্দুৰ : কিয় দিয়া হ’ল এই অৰ্থবহ নাম?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 7, 2025 10:30 am
অপাৰেশ্যন সিন্দুৰ : কিয় দিয়া হ’ল এই অৰ্থবহ নাম?

যোৱা ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে ২৬ গৰাকী ভাৰতীয় পুৰুষক গুলীয়াই হত্যা কৰে। এই কাণ্ডৰ সময়ত সন্ত্ৰাসবাদীয়ে পুৰুষসকলৰ ধৰ্ম পৰিচয় জানিব বিচাৰে। ইয়াৰ পিছত তেওঁলোকক পৰিয়ালৰ সমুখতে গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে। যাৰ ফলত কেইবাগৰাকীও মহিলা স্বামীহীনা হৈ পৰে। স্বচক্ষুৰ সমুখতে স্বামীৰ হত্যাৰ সাক্ষী হৈ ৰয় মহিলাকেইগৰাকী।

সেয়ে এই প্ৰতিশোধ স্বৰূপে ভাৰতীয় সেনাই পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত চলোৱা এই আক্ৰমণৰ নাম ‘অপাৰেশ্যন সেন্দুৰ’ ৰাখে।

এই অভিযানৰ পিছত ভাৰতীয় সেনাই প্ৰকাশ কৰে এখন ছবি। সেই ছবিখনত OPERATION নামটো ডাঙৰ আখৰেৰে লিখা হৈছে। লগতে  ‘SINDOOR’, এটা ‘O’ য়ে সেন্দুৰৰ বাকচ এটাক প্ৰতিনিধিত্ব কৰিছে।