NORTHEAST NOW (Assamese)
অসম

আজি পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ : ১৩ জিলাত আৰম্ভ হ’ল ভোটগ্ৰহণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 7, 2025 8:59 am
আজি পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ : ১৩ জিলাত আৰম্ভ হ’ল ভোটগ্ৰহণ

বুধবাৰে পুৱা ৭  বজাৰ পৰা আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

নামনি আৰু মধ্য অসমৰ মুঠ ১৩ খন জিলাত এই দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছে।

ধুবুৰী, দক্ষিণ শালমৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ(মেট্ৰ), হোজাই, নগাওঁ, মৰিগাওঁ আৰু দৰঙত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ।

এই ১৩খন জিলাৰ মুঠ ১২,১৩০টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে।

জানিব পৰা মতে, পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত মুঠ ভোটাৰৰ সংখ্যা ৯১,৩১,১২৭ গৰাকী । ইয়াৰে ‎৪৬,৩০,৯২৪ গৰাকী পুৰুষ, ৪৪,৯৯,৯৫২ গৰাকী মহিলা, আৰু ২৫১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ‎।

উল্লেখ্য যে এই আজি অনুষ্ঠিত হোৱা এই দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত যদি কোনো বিসংগতি বা অনিয়ন্ত্ৰিত পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে অহা ৯ মে’ত তেনে ভোট কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

আজি বিয়লী ৪.৩০ বজাৰ লগে লগে ভোটগ্ৰহণ সামৰণি পৰিব।