NORTHEAST NOW (Assamese)
অসম

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী May 8, 2025 9:08 pm

পেহেলগাম আক্ৰমণৰ পিছত ভাৰতে একাধিক প্ৰতিশোধমূলক পদক্ষেপ গ্ৰহণ কৰিছে। এইবাৰ কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ সকলো অ’টিটি প্লেটফৰ্মৰ পৰা পাকিস্তানৰ সৈতে জড়িত সকলো গীত, ছবি, ৱেব ছিৰিজ আঁতৰোৱাৰ নিৰ্দেশ দিছে।

বৃহস্পতিবাৰে জাৰি কৰা গাইডলাইনত কোৱা হৈছে যে ভাৰতৰ কোনো অ’টিটি প্লেটফৰ্ম বা মিডিয়া ষ্ট্ৰীমিং কোম্পানীয়ে পাকিস্তানৰ সৈতে জড়িত কোনো ৱেব ছিৰিজ, চিনেমা, গীত, প’ডকাষ্ট দেখুৱাব নোৱাৰিব। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।

পেহেলগাম আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্ক বিচ্ছিন্ন কৰে। কেন্দ্ৰীয় চৰকাৰে সীমান্ত বন্ধ, আমদানি নিষেধাজ্ঞা, ডাক যোগাযোগ, পাকিস্তানী নাগৰিকক দেশ এৰি যাবলৈ অনুমতি দিয়াৰ সিদ্ধান্তকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে।

যোৱা ৬ মে’ৰ মাজনিশা পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত ভাৰতে আক্ৰমণ চলাইছিল। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত যে কোনোধৰণৰ আপোচ নহয় সেই কথা স্পষ্ট কৰি দিয়া হৈছে।

ইয়াৰ পিছতো পাকিস্তানে সীমান্ত অঞ্চলত গোলাবৰ্ষণ অব্যাহত ৰাখিছে। বৃহস্পতিবাৰে পুৱা জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত ১৬ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। তাৰমাজতে এইবাৰ সাংস্কৃতিক জগততো ভাৰতে পাকিস্তানৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিলে।