NORTHEAST NOW (Assamese)
দেশ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 9, 2025 7:12 pm

বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা ভাৰত-পাক সীমান্তত ‘যুদ্ধ’পৰিস্থিতিৰ সৃষ্টি হৈছে। পাকিস্তানে ভাৰতত ড্ৰোআক্ৰমণৰ চেষ্টা চলাইছে। অৱশ্যে ভাৰতীয় সেনাই ইয়াক প্ৰতিহত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে।

শুকুৰবাৰে এখন সংবাদমেলত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু সেনাই ঘোষণা কৰে যে পাকিস্তানে ডাঙৰ আক্ৰমণৰ পৰিকল্পনা কৰিছে।

তুৰ্কীৰ পৰা ক্ৰয় কৰা প্ৰায় ৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৬ টা স্থানত আক্ৰমণ চেষ্টা চলাইছিল পাকিস্তানে। কিন্তু ভাৰতীয় এয়াৰ ডিফেন্স চিষ্টেমে ইতিমধ্যে আটাইবোৰ ড্ৰোণ ধংস কৰিছে। কৰ্ণেল ছোফিয়া কুৰেশ্বীয়ে সংবাদমেলত এই কথা অৱগত কৰিছে।

কৰ্ণেল ছোফিয়াৰ মতে ভাৰতৰ পৰা বিভিন্ন গোপন তথ্য আহৰণৰ পৰিকল্পনা আছিল পাকিস্তানৰ। এই আক্ৰমণ পৰিকল্পিত আছিল। অৱশ্যে ছোফিয়াই কয় যে পাকিস্তানৰ সকলো ড্ৰোণ নিষ্ক্ৰিয় কৰি পৰীক্ষাৰ বাবে ফৰেনছিকলৈ প্ৰেৰণ কৰা হৈছে।

সংবাদমেলত উইংগ কামাণ্ডাৰ ব্যোমিকাই কয় যে বৃহস্পতিবাৰে নিশা পাকিস্তানে জম্মু-কাশ্মীৰৰ পৰা গুজৰাট, ৰাজস্থান, পঞ্জাৱলৈকে এক বিশাল অঞ্চল আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। ড্ৰোনৰ সহায়ত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল। কিন্তু ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সেই ড্ৰোণ পাকিস্তানৰ আকাশতে নিষ্ক্ৰিয় কৰে।