NORTHEAST NOW (Assamese)
দেশ

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 11, 2025 4:25 pm

যোৱা মঙলবাৰে উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। গ্ৰেটাৰ নয়দাৰ পৰা এখন গাড়ীত উঠাই লক্ষ্ণৌত থৈ যোৱাৰ প্ৰতিশ্ৰুতি দি দুগৰাকী যুৱতীক লৈ গৈছিল তিনিজন যুৱকে। লগতে, যুৱতী দুগৰাকীক চাকৰি দিয়াৰো প্ৰলোভন দিছিল অভিযুক্তই।

যুৱতী দুগৰাকী গাড়ীত উঠাৰ লগে লগে অভিযুক্তই মদ্যপান কৰিবলৈ আৰম্ভ কৰে। তেতিয়াই মদ্যপানত বাধা দিয়ে যুৱতী দুগৰাকীয়ে। তাৰপিছতেই যুৱতী দুগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লয় অভিযুক্তই।

মীৰাট পোৱাৰ লগে লগে এগৰাকী যুৱতীক চলন্ত গাড়ীৰ পৰা ঠেলি পেলাই দিয়ে অভিযুক্তই। গুৰুতৰভাৱে আহত যুৱতীগৰাকীৰ থিতাতে মৃত্যু হয়। ইয়াৰ পিছতে আন গৰাকী যুৱতীক চলন্ত গাড়ীত দলবদ্ধ ধৰ্ষণ কৰে তিনি পাষণ্ডই।

তাৰপিছত বুলন্দশ্বহৰৰ খুৰ্জা অঞ্চলত যুৱতীগৰাকীয়ে গাড়ীৰ পৰা নামি প্ৰাণ ৰক্ষা কৰি পলায়ন কৰে। যুৱতীগৰাকীয়ে থানাত উপস্থিত হৈ নিৰ্যাতনৰ খবৰ দিয়ে আৰক্ষীক।তালাচী অভিযান আৰম্ভ কৰাৰ লগে লগে আৰক্ষীয়ে আলিগড়-বুলন্দশ্বৰ ঘাইপথত অভিযুক্ত তিনিজনৰ বাহনখন ৰখাই তাৰ পৰাই এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। বাকী দুজনে পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে এনকাউণ্টাৰ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে।