NORTHEAST NOW (Assamese)
দেশ

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 14, 2025 7:30 am

যুদ্ধবিৰতিৰ পিছতো পাকিস্তানৰ সৈতে ভাৰতৰ কূটনৈতিক যুঁজ অব্যাহত আছে। এইবাৰ নতুন দিল্লীয়ে পাকিস্তান দূতাবাসৰ এগৰাকী বিষয়াক ২৪ ঘন্টাৰ ভিতৰত ভাৰত এৰি যাবলৈ নিৰ্দেশ দিছে। পাকিস্তানী দূতাবাসৰ বিষয়াগৰাকীক ভাৰতত অবাঞ্চিত বুলি জনোৱা হৈছে।

ভাৰত চৰকাৰে দূতাবাসৰ বিষয়াগৰাকী চৰকাৰী পদৰ বাহিৰৰ কাম-কাজত জড়িত বুলি জানিবলৈ দিয়ে। সেয়েহে তেওঁক পাৰ্ছনা নন গ্ৰেটাবুলি ঘোষণা কৰা হৈছে। ২৪ ঘন্টাৰ ভিতৰত বিষয়াজনক দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে। এই সন্দৰ্ভত ইতিমধ্যে পাকিস্তান দূতাবাসৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ জাননী প্ৰেৰণ কৰা হৈছে।

মন কৰিবলগীয়া যে, পহলগাম আক্ৰমণৰ পিছত ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে ঘোষণা কৰা প্ৰথম পাঁচ দফা কূটনৈতিক ধৰ্মঘটৰ সময়ত দূতাবাসৰ অধিকাংশ কৰ্মচাৰীক পাৰ্ছনা নন গ্ৰেটাবা অবাঞ্চিত ব্যক্তি বুলি ঘোষণা কৰি দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছিল। ইয়াৰ পিছত ভাৰত চৰকাৰে আৰম্ভ কৰে অপাৰেচন সিন্দুৰ। পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত প্ৰৱেশ কৰি ৯টা পাকিস্তানী সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰা হয়। অৱশেষত শনিবাৰে দুয়োপক্ষৰ মাজত যুদ্ধবিৰতি চুক্তি হয়। যদিও ভাৰত চৰকাৰে স্পষ্টকৈ কৈছে যে যুদ্ধবিৰতি হ’লেও সন্ত্ৰাসবাদৰ ক্ষেত্ৰত কোনো আপোচ নহ’ব। ইফালে পাকিস্তান দূতাবাসৰ বিষয়াগৰাকীক দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে।