NORTHEAST NOW (Assamese)
দেশ

ঘৰলৈ আহিল পূৰ্ণম কুমাৰ : বিএছএফ জোৱানক নিচৰ্তভাবে মুকলি কৰি দিলে পাকিস্তানে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 14, 2025 12:57 pm

পাকিস্তানী ৰেঞ্জাৰছে বুধবাৰে ভাৰতক গতাই দিয়ে বিএছএফৰ জোৱান পূৰ্ণনম কুমাৰ ছাৱক। যোৱা ২৩ এপ্ৰিলত পঞ্জাৱৰ আটাৰী সীমান্তত পাকিস্তানী ৰেঞ্জাৰে পূৰ্ণম কুমাৰক বন্দী কৰিছিল।

বি এছ এফে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, “২০২৫ চনৰ ২৩ এপ্ৰিলৰ পৰা পাকিস্তান ৰেঞ্জাৰছৰ জিম্মাত থকা বি এছ এফৰ জোৱান পূৰ্ণম কুমাৰক পুৱা প্ৰায় ১০.৩০ বজাত অমৃতসৰৰ যৌথ চেক পোষ্ট আটাৰীত ভাৰতক গতাই দিয়া হয়।”

বিবৃতিটোত কোৱা হৈছে যে এই মুক্তি শান্তিপূৰ্ণভাৱে আৰু প্ৰতিষ্ঠিত প্ৰটকল অনুসৰি দিয়া হৈছে।

উল্লেখ্য যে যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত উগ্ৰপন্থী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পায় আৰু ৭ মেত পাকিস্তানত ভাৰতৰ বিমান আক্ৰমণৰ পিছত পৰিস্থিতি সংঘাতপূৰ্ণ হৈ পৰে।১০ মে’ত দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ চুক্তি হৈছিল, তাৰ পিছত দুয়োখন দেশে উত্তেজনা হ্ৰাস কৰাৰ চেষ্টা চলাইছে।