NORTHEAST NOW (Assamese)
দেশ

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 14, 2025 1:09 pm

এগৰাকী ৬৩ বছৰীয়া প্ৰাক্তন সেনা বিষয়াৰ হত্যাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। সেনা বিষয়াগৰাকীৰ পত্নী আৰু পত্নীৰ প্ৰেমিকে মিলি তেওঁক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

হত্যাকাণ্ডৰ পিছতে প্ৰাক্তন জোৱানজনৰ মৃতদেহ ছটা টুকুৰা কৰি চহৰৰ বিভিন্ন প্ৰান্তত পেলাই দিয়া হয়।

ঘটনাৰ তিনিদিন পিছতে তেওঁৰ পত্নী, প্ৰেমিক আৰু আন দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বালিয়াত। আৰক্ষীয়ে জনোৱা মতে, যোৱা ১০ মেত অৱসৰপ্ৰাপ্ত সেনা জোৱান দেৱেন্দ্ৰ কুমাৰৰ পত্নী মায়া দেৱীয়ে থানাত নিৰুদ্দেশৰ গোচৰ দাখিল কৰিছিল। যোৱা শনিবাৰে তেওঁ কৈছিল যে তেওঁৰ স্বামীক বিচাৰি পোৱা নাই। ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। ইফালে দেৱেন্দ্ৰৰ কন্যাই পিতৃৰ হত্যাকাণ্ডৰ খবৰ আৰক্ষীক দিয়ে।

সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে। চিকন্দৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত খাৰিদ দৰৌলি গাঁৱৰ এখন পথাৰত প্লাষ্টিকৰ বেগত কটা হাত-ভৰি উদ্ধাৰ কৰা হয়।

আৰক্ষীয়ে জনোৱা মতে, মায়া দেৱীক দীঘলীয়া জেৰাৰ অন্তত মায়া দেৱীয়ে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। লগতে অনিল যাদৱ নামৰ ট্ৰাক চালকৰ সৈতে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক থকা বুলিও কয়।আৰক্ষীয়ে জনোৱা মতে, মায়াৰ পৰিকল্পনা অনুসৰি আন দুজন লোকৰ সহায়ত অনিলে দেৱেন্দ্ৰ কুমাৰক হত্যা কৰে। তাৰ পাছত মৃতদেহটো ছটাকৈ টুকুৰাত কাটিলে। মঙলবাৰে আৰক্ষীয়ে অনিল যাদৱ আৰু আন এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। ঘটনাৰ তদন্ত অব্যাহত আছে।