NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

অপাৰেশ্যন সিন্দুৰ সম্পৰ্কে ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে চীনৰ দুটাকৈ এক্স হেণ্ডেল নিষিদ্ধ কৰিলে ভাৰতে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 14, 2025 2:34 pm

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ মাজতে ভাৰতীয় সেনা আৰু ‘অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভুল তথ্য প্ৰচাৰ কৰাৰ অভিযোগত ভাৰতে চীনৰ দুটা চৰকাৰী সংবাদ মাধ্যমৰ এক্স হেণ্ডেল নিষিদ্ধ কৰিছে।

চীনৰ কাকত ‘গ্লবেল টাইমছ আৰু সংবাদ সংস্থা ‘চিনহুয়াৰ এক্স হেণ্ডেল নিষিদ্ধ কৰা হৈছে।

চীনত থকা ভাৰতীয় দূতাবাসে মঙলবাৰে গ্লবেল টাইমছক সকীয়াই দিয়ে। ভাৰতীয় দূতাবাসৰ পৰা কোৱা হৈছে যে ‘অপাৰেচন সিন্দুৰত পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত ভাৰতীয় সেনাই কৰা আক্ৰমণ সন্দৰ্ভত ছচিয়েল মিডিয়াত কোনো তথ্য প্ৰকাশ কৰাৰ পূৰ্বে সেই তথ্য সত্যাসত্য নিৰূপণ কৰিব লাগে।

চীনত থকা ভাৰতীয় দূতাবাসে এক্স হেণ্ডেলত , “সাধাৰণ লোকক বিপথে পৰিচালিত কৰিবলৈ ‘অপাৰেচন সিন্দুৰৰ বিষয়ে কেইবাটাও পাকিস্তান এক্স সমৰ্থক হেণ্ডলে কিছুমান ভিত্তিহীন দাবী উত্থাপন কৰিছে। যদি কোনো সংবাদ মাধ্যমে সেই তথ্য পৰীক্ষা নকৰাকৈ প্ৰকাশ কৰে তেন্তে সেয়া সাংবাদিকতাৰ নীতিৰ বিৰুদ্ধ।”

চৰকাৰী সূত্ৰ অনুসৰি পাকিস্তানৰ বিভিন্ন সংবাদ মাধ্যম আৰু ছচিয়েল মিডিয়া একাউণ্টে ‘অপাৰেচন সিন্দুৰৰ সময়ত বাহাৱালপুৰত ভাৰতীয় ৰাফেল যুঁজাৰু বিমান এখন ধ্বংস কৰা বুলি দাবী কৰিছিল। কিন্তু ভাৰতৰ প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো (পি আই বি)ৰ মতে, সেই দাবী কৰি ছচিয়েল মিডিয়াত পোষ্ট কৰা ফটোসমূহ ২০২১ চনৰ। এইবোৰ পঞ্জাৱৰ মোগা জিলাত মিগ-২১ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ছবি।

কেৱল চীনৰ সংবাদ মাধ্যম দুটাই নহয়, একে কাৰণত তুৰ্কীৰ সংবাদ মাধ্যম ‘টি আৰ টি ৱৰ্ল্ডৰ এক্স হেণ্ডেলতো ভাৰতত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।