NORTHEAST NOW (Assamese)
Popular Stories

অধ্যাপক উদয়াদিত্য ভৰালীলৈ এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা: ১৮ মে’ত প্ৰদান কৰা হ’ব এই সন্মান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 14, 2025 5:40 pm

বিশিষ্ট চিন্তাবিদ, লেখক, ইতিহাসবিদ, অধ্যাপক উদয়াদিত্য ভৰালীলৈ আগবঢ়োৱা হৈছে এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা ৷ ৮ মে দেওবাৰে দিনৰ ১১:৩০ বজাত প্ৰদান কৰা হসন্মান

কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ উদয়াদিত্য ভৰালীয়ে দীৰ্ঘদিন ধৰি অসমৰ কেইবাখনো আগশাৰীৰ বাতৰি কাকতত নিয়মীয়াকৈ লেখা মেলা কৰি আহিছে ৷ অসমৰ অন্যতম কাকত অসমীয়া প্ৰতিদিনৰ আৰম্ভণিতে পৃষ্ঠভূমিৰ চিনাকি শিৰোনামাৰে বিভিন্ন দেশৰ বিষয়ে লিখি আলোড়নৰ সৃষ্টি কৰিছিল। তাৰ পৰৱৰ্তী কালত অসমীয়া প্ৰতিদিনতে প্ৰাসংগিক পাণ্ডুলিপি শিৰোনামাৰে জাতীয় জীৱনৰ বহু গুৰুত্বপূৰ্ণ বিষয় যুক্তিনিষ্ঠ বিশ্লেষণেৰে চিন্তাৰ নতুন বাট মোকলাইছিল ৷

উল্লেখযোগ্য যে, পৰাগ কুমাৰ দাসৰ মৃত্যুৰ পাছত তেওঁৰ স্মৃতিত বিগত ২৫ বছৰ ধৰি আয়োজন কৰা তৰ্ক প্ৰতিযোগিতাৰ ভৰালী আছিল এগৰাকী অন্যতম গুৰি ধৰোঁতা ৷ পৰাগ কুমাৰ দাস সম্পাদিত বুধবাৰ আৰু আগানটো নিয়মীয়াকৈ প্ৰবন্ধ লিখি জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়াইছিল অধ্যাপক উদয়াদিত্য ভৰালীয়ে ৷ এইবাৰ ডঃ হীৰেণ গোহাঁইৰ দ্বাৰা উদয়াদিত্য ভৰালীক তেখেতৰ বাসগৃহত ১৮ মে দেওবাৰে পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হব ৷ স্বাস্থ্যজনিত কাৰণত ১৭ মেত পৰাগ কুমাৰ দাসৰ স্মৃতি দিৱসত প্ৰদান কৰিব লগীয়া বঁটাটো ১৮ মে দেওবাৰে দিনৰ ১১:৩০ বজাত প্ৰদান কৰা হ বুলি জানিব পৰা গৈছে