NORTHEAST NOW (Assamese)
অসম

কোনো নথকাৰ সুযোগত দিন দোপৰতে চুৰি কাণ্ড গুৱাহাটীত! পবিত্ৰ মাৰ্ঘেৰিটাৰ বাসগৃহৰ পৰা কেবা লাখ টকাৰ সামগ্ৰী লৈ উধাও চুৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী May 15, 2025 4:05 pm

গুৱাহাটী মহানগৰীত শেহতীয়াকৈ চুৰিকাণ্ডৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। এনে পৰিস্থিতিত ৰুক্মিণীগাঁৱত সংঘটিত হৈছে আন এটা চাঞ্চল্যকৰ চুৰিকাণ্ড। এইবাৰ চোৰে লক্ষ্য কৰিছে কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ৰুক্মিণীগাঁৱত নিৰ্মাণৰত বাসগৃহ। চোৰে এই বাসগৃহৰ পৰা প্ৰায় ৫ লাখ টকাৰ নিৰ্মাণ সামগ্ৰী আৰু বৈদ্যুতিক সঁজুলি লৈ গৈছে বুলি জনিবো পৰা গৈছে।

চুৰিকাণ্ডৰ ঘটনা এতিয়া কেৱল নিশাৰ ভাগতে সীমাবদ্ধ নহয়, দিনৰ পোহৰতে চোৰে মূল্যৱান সামগ্ৰীৰ লগতে নগদ ধন লুটি নিছে। মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা বিদেশ ভ্ৰমণত ব্যস্ত আৰু তেওঁৰ পত্নী তথা পুত্ৰ দিল্লীত থকাৰ সুযোগ গ্ৰহণ কৰি চোৰে এই কাণ্ড সংঘটিত কৰে। ঘটনাৰ পিছত মন্ত্ৰীৰ পত্নী গায়ত্ৰী মহন্তই দিশপুৰ আৰক্ষীক অৱগত কৰিছে।

ইতিমধ্যে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই চুৰিকাণ্ডৰ ঘটনাই গুৱাহাটীত নিৰাপত্তাৰ বিষয়ত পুনৰ প্ৰশ্নৰ সৃষ্টি কৰিছে। চোৰৰ এনে সাহসিকতাই নাগৰিকৰ মাজতো উদ্বেগ বৃদ্ধি কৰিছে, আৰু আৰক্ষীৰ তৎপৰতাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।