NORTHEAST NOW (Assamese)
Popular Stories

এতিয়া ‘ফলৰ ৰজা’ আমৰ বতৰ, দৈনিক এটাকৈ আম খালে লাভ কৰিব বহু সুফল! সবিশেষ…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 18, 2025 6:30 am

আম নিঃসন্দেহে আমাৰ অন্যতম প্ৰিয় ফল। গৰমৰ দিনত প্ৰায়সকল লোকে প্ৰতিদিনে এই ফলটো খাবলৈ অজুহাত বিচাৰি থাকে। কিন্তু তাৰ মাজতে প্ৰতিদিনে আম খোৱাটো লাভজনক নে ক্ষতিকাৰক সেই প্ৰশ্নটো ৰৈ গৈছে। পাহৰি নাযাব যে আমত প্ৰাকৃতিকভাৱে প্ৰচুৰ পৰিমাণে চেনি থাকে, যিটো কিছুমানৰ বাবে চিন্তাৰ বিষয় হব পাৰে। কিন্তু প্ৰতিদিনে এটা আম খোৱাৰ ফলত আপোনাৰ স্বাস্থ্যৰ কোনো ক্ষতি নহয়, বৰঞ্চ ই যথেষ্ট উপকাৰী হব পাৰে। প্ৰতিদিনে এটা আম খোৱাৰ ৪টা স্বাস্থ্য উপকাৰিতা জানি লওক-

১/ ছাল উজ্জ্বল কৰে।

ছালৰ স্বাস্থ্যৰ বাবে আম যথেষ্ট উপকাৰী হব পাৰে। আমত প্ৰচুৰ পৰিমাণে ভিটামিন চি, বিটা-কেৰটিন, এন্টিঅক্সিডেন্ট আদি পোৱা যায়। এই সকলোবোৰ সুস্থ আৰু প্ৰাকৃতিক গ্ল’ৰ বাবে অতি প্ৰয়োজনীয়। দৈনিক আম খোৱাটোৱেও শৰীৰত অক্সিডেটিভ চাপ কমোৱাত সহায় কৰে, যিটো ছালখন সুস্থ কৰি ৰখাৰ বাবে অতি প্ৰয়োজনীয়।

২) হৃদৰোগ আঁতৰাই ৰাখে

আপুনি জানেনে যে প্ৰতিদিনে এটা আম খালে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হয়? আমত পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে আৰু ই হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম থাকে, যিটো হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ বাবে গুৰুত্বপূৰ্ণ। প্ৰতিদিনে আম খোৱাটোৱেও ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৩/ ওজন কমাবলৈ সহায় কৰে।

আপুনি আপোনাৰ ওজন কমাব পৰা খাদ্যত আম অন্তৰ্ভুক্ত কৰিব পাৰে। প্ৰতিদিনে পৰিমিত পৰিমাণে অৰ্থাৎ প্ৰতিদিনে এটাকৈ আম খালে ওজন বজাই ৰখাত সহায়ক হব। কাৰণ আমত প্ৰচুৰ পৰিমাণে আঁহ থাকে আৰু ই দীৰ্ঘসময়লৈকে পেট ভৰোৱাত সহায় কৰিব পাৰে।

৪) তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে

দৈনিক আম খোৱাৰ অভ্যাসে ইয়াত আঁহ আৰু পুষ্টিকৰ উপাদানৰ বাবে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। গতিকে এনে সমস্যাৰ পৰা হাত সাৰিবলৈ আমৰ বতৰত প্ৰতিদিনে এটাকৈ আম খোৱাৰ অভ্যাস গঢ়ি তোলক। ইয়াৰ পৰা আপুনি আৰু বহুতো স্বাস্থ্য উপকাৰ লাভ কৰিব।