NORTHEAST NOW (Assamese)
দেশ

জে এন ইউ, জামিয়াৰ পদাংক অনুসৰণ কৰি তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি বাতিল কৰিলে  আই আই টি বম্বে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 18, 2025 1:50 pm

জে এন ইউ, জামিয়াই তুৰ্কীৰ সকলো বিশ্ববিদ্যালয়ৰ সৈতে হোৱা সকলো চুক্তি বাতিল কৰাৰ পিছতে। এইবাৰ আই আই টি বম্বায়ে তুৰ্কীৰ বিশ্ব বিদ্যালয়ৰ সৈতে হোৱা বুজাবুজি চুক্তি বাতিল কৰিছে। শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষই শনিবাৰে ইয়াৰ এক্স হেণ্ডেলত এক পোষ্টযোগে এই কথা ঘোষণা কৰে।

ভাৰত-পাকিস্তান সংঘাতৰ সময়ত পাকিস্তানক তুৰ্কীয়ে প্ৰতক্ষ্য ভাবে সমৰ্থন আগবঢ়োৱা বাবে তুৰ্কীক বৰ্জন কৰিছে।  ইয়াৰ প্ৰতিবাদত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে প্ৰথমে তুৰ্কীৰ ইনোনু বিশ্ববিদ্যালয়ৰ সৈতে হোৱা চুক্তি বাতিল কৰে। জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয় কৰ্তৃপক্ষইও তুৰ্কীৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ সৈতে হোৱা চুক্তি বাতিল কৰাৰ সিদ্ধান্ত লৈছে। এইবাৰ আই আই টি বম্বাইও একে সিদ্ধান্ত গ্ৰহণ কৰিছে।

দেশখনৰ প্ৰধান প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠানটোৱে নিজৰ এক্স হেণ্ডেলত লিখিছে যে তুৰ্কীৰ সৈতে ৰাজনৈতিক সম্পৰ্কৰ বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে হোৱা সকলো চুক্তি আপাততঃ বাতিল কৰা হৈছে। পৰৱৰ্তী জাননী নিদিয়ালৈকে এই সিদ্ধান্ত প্ৰযোজ্য হৈ থাকিব।

অপাৰেচন হিন্দূৰৰ পিছত তুৰ্কী চৰকাৰে পাকিস্তান সেনাবাহিনীৰ সৈতে সহযোগিতা কৰাৰ অভিযোগ উত্থাপন হৈছিল। ভাৰতৰ পৰা পোৱা সকলো সহায় পাহৰি যুদ্ধৰ মাজতে তুৰ্কী চৰকাৰে ড্ৰোন প্ৰদান কৰি পাকিস্তানক সহায় কৰিছিল। পাকিস্তানলৈ সৈন্য প্ৰেৰণৰ অভিযোগো উত্থাপন হৈছে। ইয়াৰ পিছতে ভাৰত চৰকাৰে দেশখনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ অধিকাংশ বিমানবন্দৰ পৰিচালনা কৰা তুৰ্কী কোম্পানী চেলেবিৰ সৈতে হোৱা সকলো চুক্তি বাতিল কৰাৰ কথা ঘোষণা কৰে। তুৰ্কী বিশ্ববিদ্যালয়সমূহৰ সৈতে হোৱা চুক্তিও বাতিল কৰিছে ভাৰতৰ আগশাৰীৰ বিশ্ববিদ্যালয় সমূহে।