NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ জালত আলফা(স্বা)ৰ দুধৰ্ষ কেডাৰ ৰূপম অসম

Posted by: নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী May 24, 2025 9:39 am

তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুধৰ্ষ আলফা কএডাৰ ৰূপম অসমক।

অসম-অৰুণাচল সীমান্তত অভিযান চলাই ৰূপমক গ্ৰেপ্তাৰ কৰে তিনিচুকীয়া আৰক্ষীয়ে।

ৰূপম অসমৰ পৰা আৰক্ষীয়ে মৰাণাস্ত্ৰ আৰু বহুত আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে।

ৰূপমক গ্ৰেপ্তাৰ কৰাৰ পিছত সীমান্তৰ বনাঞ্চল সমূহত আলফা বিচাৰি অভিযান চলাইছে আৰক্ষীয়ে।

উল্লেখ্য যে আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ হত্যাকাণ্ডৰ নেতৃত্ব দিছিল ৰূপম অসমে। ইয়াৰ উপৰিও আলফাৰ বহু কুটাঘাতৰ লগত জড়িত আছিল ৰূপম অসম।