NORTHEAST NOW (Assamese)
দেশ

স্বচ্ছ ভোটাৰ তালিকাত গুৰুত্ব দিয়ক! সকলো ৰাজ্যৰ চিইঅ’ৰ সৈতে বৈঠক মুখ্য নিৰ্বাচন আয়ুক্তৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 24, 2025 6:07 pm

দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। বৈঠকত নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সন্ধু আৰু বিবেক যোশীও উপস্থিত আছিল। বৈঠকত ‘ভুৱা ভোটাৰ’ আৰু একেজন ব্যক্তিৰ নাম ভোটাৰ তালিকাত দুবাৰকৈ অন্তৰ্ভুক্ত হোৱাৰ সমস্যাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয় বুলি সদৰী কৰিছে। পশ্চিমবংগৰ মুখ্য নিৰ্বাচনী বিষয়া মনোজ আগৰৱালাৰ লগতে অতিৰিক্ত বিষয়া দিব্যেন্দু দাস আৰু বিজিত ধৰে এই বৈঠকত অংশগ্ৰহণ কৰে। দিব্যেন্দু দাসক ভোটাৰ তালিকাৰ তদাৰকৰ দায়িত্ব দিয়া হৈছে।

নিৰ্বাচন আয়োগে ইতিমধ্যে ঘোষণা কৰিছিল যে ভোটাৰ তালিকাৰ স্বচ্ছতাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। বৈঠকত এই পদক্ষেপসমূহৰ অগ্ৰগতি আৰু কাৰ্যকাৰিতাৰ বিষয়ে আলোচনা কৰা হৈছিল বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। আয়োগে জানিবলৈ দিছে যে বৈঠকত আলোচিত বিষয়সমূহৰ বিশদ তথ্য পিছত অধিসূচনাৰ জৰিয়তে প্ৰকাশ কৰা হ’ব।

এমাহ পূৰ্বে ভুৱা ভোটাৰৰ বিষয়ে দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অভিযোগ কৰিছিল যে বংগৰ জনসাধাৰণৰ ভোটাধিকাৰ বঞ্চিত কৰি বাহিৰৰ লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলিছে। তৃণমূল কংগ্ৰেছৰ নেতা-কৰ্মীসকলে ‘ভুৱা ভোটাৰ’ৰ সন্ধানৰ বাবে প্ৰচাৰ চলাইছিল। নিৰ্বাচন আয়োগে এই অভিযোগৰ উত্তৰত ‘ডুপ্লিকেট এপিক নম্বৰ’ৰ সমস্যা সমাধানৰ বাবে তিনিমাহৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল। এই প্ৰেক্ষাপটত এই বৈঠকত সকলো ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াসকলৰ সৈতে বিশদ আলোচনা কৰা হয় বুলি জানিবলৈ দিছে।