NORTHEAST NOW (Assamese)
Popular Stories

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনবিভাগৰে মুখামুখি সংঘৰ্ষত চোৰাংচিকাৰীৰ মৃত্যুঃ উদ্ধাৰ মাৰণাস্ত্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 29, 2025 10:33 am

কালি অৰ্থাৎ ২৮ মেত নিশা প্ৰায় ৮:০০ বজাত ইষ্টাৰ্ণ ৰেঞ্জ (গৰালি)ৰ ৰেঞ্জ অফিচাৰে বালিডুবি কেম্পত নিয়োজিত ফ্ৰণ্টলাইন কৰ্মচাৰীসকলৰ ওপৰত অচিনাক্ত চোৰাংচিকাৰীয়ে সশস্ত্ৰ আক্ৰমণৰ সন্দৰ্ভত বিশ্বাসযোগ্য তথ্য লাভ কৰে।

ৰাতি বন বিভাগ আৰু স্থানীয় আৰক্ষীৰ যৌথ অনুসন্ধান অভিযান চলে। নিশা যৌথ দলটোৱে ধনবাৰী অঞ্চলত উপস্থিত হোৱাৰ লগে লগে অস্ত্ৰধাৰী ব্যক্তিৰ উপস্থিতিৰ গতিবিধি ধৰা পেলায়। দলটোৱে সতৰ্কবাণী জাৰি কৰি সন্দেহযুক্ত লোকক ৰৈ নিজকে চিনাক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে অস্ত্ৰধাৰী চোৰাংচিকাৰীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰে। কিন্তু  যৌথ দলটোৱে আত্মৰক্ষাৰ বাবে প্ৰতি গুলীচালনা কৰে

প্ৰায় ৩০ মিনিট ধৰি গুলীৰ আদান-প্ৰদান চলি থাকিল। পৰিস্থিতি নিৰাপদ বুলি গণ্য কৰাৰ পাছত অঞ্চলটো ভালদৰে তালাচী চলোৱা হয়। এই অভিযানত এজন অচিনাক্ত, আহত অস্ত্ৰধাৰী ব্যক্তি আৱিষ্কাৰ হয়, যিজনৰ হাতত এ কে ৫৬ ৰাইফল আৰু ১১ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ হয়। ইয়াৰ উপৰিও ৩ ৰাউণ্ড সজীৱ গুলীসহ এটা .৩০৩ ৰাইফল, কুঠাৰ থকা বেগ, খাদ্য সামগ্ৰী, আৰু এটা টৰ্চ উদ্ধাৰ কৰা হয়।

আহত ব্যক্তিজনক ততাতৈয়াকৈ বোকাখাতৰ হিদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাত উপস্থিত থকা চিকিৎসা বিষয়াই তেওঁক মৃত বুলি ঘোষণা কৰে।