NORTHEAST NOW (Assamese)
অসম

পঞ্চায়ত নিৰ্বাচন : লখিমপুৰত ৰাস উৎসৱস্থলীত ভোট বিচাৰি প্ৰাৰ্থীৰ ভিৰ

Posted by: ফাৰহানা আহমেদ November 24, 2018 6:02 pm
Rass festivity at Lakhimpur

এইবছৰ ৰাসৰ সময়তে পঞ্চায়ত নিৰ্বাচনৰ দিন পৰাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলেও ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰা দেখা গৈছে।

বহু প্ৰাৰ্থীয়ে লখিমপুৰ জিলাৰ বিভিন্ন ঠাইত আখৰাৰ পৰা আৰম্ভ কৰি ৰাস মঞ্চস্থ কৰা লৈকে ৰাসস্থলীসমূহত ভোট বিচাৰি ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা যায়।

উল্লেখযোগ্য যে যোৱা ৩টা দিনত লখিমপুৰ জিলাৰ বিভিন্ন স্থানত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ ব্যাপক আয়োজন কৰা হৈছে।

Rass festivity at Lakhimpur

এইবাৰ জিলাখনৰ মুঠ ২৫০টা স্থলীত ৰাস মঞ্চস্থ কৰা হয়। উক্ত অনুষ্ঠানসমূহত বাৰেৰহণীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাসলীলা উপভোগ কৰিবলৈ অগণন শ্ৰোতা-দৰ্শকে ভিৰ কৰা দেখা যায়।

গোহাঁই টেকেলা গাঁৱৰ পানীগাঁৱত ঐতিসাহিক প্ৰগতি সংঘই মঞ্চস্থ কৰা ৰাসলীলাৰ লগতে এইবাৰৰ আন কেইখনমান মূল ৰাসস্থলী হৈছে আজাদ, খগা, চেৰাজুলি, নাওবৈচা, বিহপুৰীয়া, নাৰায়নপুৰ, ধলপুৰ,

বগীনদী, ঘিলামৰা আৰু ঢকুৱাখনা।

উক্ত ৰাসমহোৎসৱ কেইটাত ৰাজ্যৰ চিনেমাজগতৰ লগতে থিয়েটাৰৰ কেইবাগৰাকীকৈ ব্যক্তিয়ে অভিনয় কৰা দেখা যায়।