NORTHEAST NOW (Assamese)
অসম

ইতিহাস সৃষ্টিৰে ষষ্ঠ বাৰৰ বাবে বিশ্ব চেম্পিয়ন অপ্ৰতিৰোধ্য মেৰী কম

Posted by: এন ই নাও নিউজ November 24, 2018 5:12 pm
Mary_Kom_Main

চলিত মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপত য়ুক্ৰেইনৰ প্ৰতিদ্বন্দ্বী হন্ন অখ’টাক ৫-০ স্পষ্ট ব্যৱধানত হৰুৱাই ভাৰতৰ কিংবদন্তি মহিলা বক্সাৰ মেৰী কমে ষষ্ঠ বাৰৰ বাবে বিশ্ব খিতাপ দখল কৰিছে।

আজিৰ জয়েৰে তেওঁ বক্সিঙৰ বিশ্ব চেম্পিয়নশ্বিপত বিৰল ইতিহাস সৃষ্টি কৰে। তেওঁৰ বাদে ইমান সংখ্যক বাৰ বিশ্ব খিতাপ দখল কৰিছে কেৱল কিউবাৰ পুৰুষ বক্সাৰ ফেলিক্স ছেভনে (Felix Savon)।

ইপিনে মেৰী কমৰ সমান কোনো মহিলাই ইমানকেইবাৰ খিতাপ দখল কৰিব পৰা নাই। মেৰীৰ বাদে আয়াৰলেণ্ডৰ কাটি টেইলৰ (Katie Taylor) সৰ্বাধিক পাঁচবাৰ বিশ্ব চেম্পিয়ন হৈছিল। মেৰী কমে মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়নশ্বিত মুঠ ৭বাৰ অংশগ্ৰহণ কৰি ৬বাৰেই বিশ্ব চেম্পিয়ন হৈছে আৰু এবাৰ ৰূপৰ পদক পাইছে, যিটো পুৰুষ অথবা মহিলা, দুয়ো ভাগতে এটা অভিলেখ। বৰ্তমান ৩টি পুত্ৰ সন্তানৰ মাক মেৰীয়ে ২০১২ চনত লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদকো পাইছিল।

আজি বিশ্ব খিতাপ দখল কৰাৰ পিছত ৰিঙত নিজৰ চকুপানী ধৰি ৰাখিব নোৱাৰিলে মণিপুৰৰ ৩৫ বছৰীয়া বক্সাৰগৰাকীয়ে।

“আজি যিসকল দৰ্শকে মোক উৎসাহ দিছিল তেওঁলোকক আৰু ভাৰতীয় দলৰ কৰ্মকৰ্তাসকলক, যিসকলে মোক যোৱা বেছ কিছু বছৰ ধৰি সমৰ্থন দি আহিছে, সকলোলৈকে মোৰ কৃতজ্ঞতা।” অন্তিম বাউট জয়ী হোৱাৰ পিছতে সেমেকা দুচকুৰে মেৰীয়ে কয়।

টুইট যোগে কৃতজ্ঞতা প্ৰকাশ কৰিলে মেৰী কমে

বিশ্ব অভিলেখ সৃষ্টি কৰাৰ পিছতে ৩টা সন্তানৰ মাতৃ, ৩৫ বছৰীয়া মেৰী কমে তেওঁৰ প্ৰশিক্ষক, ভাৰতীয় বক্সিং ফেডাৰেইশ্যনৰ কৰ্মকৰ্তা, সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰে। “মই মোৰ কৰিব লগীয়াখিনি কৰিলো। মই মোৰ প্ৰশিক্ষক, কৰ্মকৰ্তাসকলক কৃতজ্ঞতা জনাইছো।” মেৰীয়ে নিজৰ টুইটত লিখে।