NORTHEAST NOW (Assamese)
অসম

ডিমৌ বিস্ফোৰণ : আটক কৰা ৮ জনৰ ভিতৰত ৩ জনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ November 24, 2018 6:06 pm
blast at assam's demow

২২ নৱেম্বৰত ডিমৌত সংঘটিত আই ই ডি বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত ডিমৌ আৰক্ষীয়ে আজি ৩ জন লোকক গ্ৰেপ্তাৰ কৰে।

শুকুৰবাৰে অৰ্থাৎ ২৩ নৱেম্বৰত ডিমৌ আৰক্ষীয়ে ক্ষিপ্ৰতাৰে ডিমৌ বিস্ফোৰণৰ ঘটনাৰ তদন্ত কৰি ৮ জন লোকক সোধাপোছাৰ বাবে আটক কৰিছিল। আৰু সোধাপোছাৰ অন্তত আজি ডিমৌ আৰক্ষীয়ে ৩ জন লোকক গ্ৰেপ্তাৰ কৰে।

ডিমৌ আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰা লোক তিনিজন ক্ৰমে মানস চাংমাই, প্ৰভাত খনিকৰ আৰু কিশোৰ পেটেল।

উল্লেখযোগ্য যে ২২ নৱেম্বৰত ডিমৌৰ কমল আগৰৱালাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হৈছিল আই ই ডি বিস্ফোৰণৰ ঘটনা। ফলত ব্যৱসায় প্ৰতিষ্ঠানখনৰ গৰাকী কমল আগৰৱালাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানখনত সামগ্ৰী ক্ৰয় কৰিবলৈ যোৱা অনুপ গুপ্তাই মৃত্যুক সাবটি লৈছিল।

ইয়াৰ পিছতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিস্ফোৰণৰ ঘটনাৰ ক্ষীপ্ৰ তদন্ত কৰাৰ বাবে ডিজিপি কুল শইকীয়াক নিৰ্দেশ দিছিল।