NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতত আৱদ্ধ ৪০০০ লোকক ১৭ খন বিশেষ বিমানেৰে লৈ যাব বৃটেইনলৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 19, 2020 9:53 pm

ভাৰতত আৱদ্ধ হৈ থকা বৃটেইনৰ চাৰি হাজাৰ নাগৰিকক বিশেষ বিমানৰ জৰিয়তে সোমবাৰৰ পৰা ২৭ এপ্ৰিলৰ ভিতৰত নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হ’ব বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত বৃটিশ্ব উচ্চায়ুক্তৰ এগৰাকী শীৰ্ষ বিষয়া জন থম্পছনে কয়, ‍‘এই সপ্তাহৰ ভিতৰত চাৰি হাজাৰ বৃটিশ্ব নাগৰিক ভাৰতৰ ছখন বিভিন্ন ৰাজ্যৰ পৰা লণ্ডনলৈ উভতি যাব। ২৫ মাৰ্চৰ পৰা হোৱা লকডাউনৰ বাবে তেওঁলোক ভাৰতত আবদ্ধ হৈ আছিল’।

জানিব পৰা মতে বেংগালুৰুৰ পৰা সোমবাৰে প্ৰথমখন বিমান ৰাওনা হ’ব আৰু ইয়াৰ পিছত ২৩ এপ্ৰিলত কৰ্ণাটকত আৱদ্ধ হৈ থকা লোকসকলক লৈ গুজৰাটৰ আহমেদাবাদ হৈ আন এখন বিমান লণ্ডন যাব।

ইফালে আহমেদাবাদৰ পৰা ২০, ২২ আৰু ২৪ এপ্ৰিলত ৰাওনা হ’ব আৰু অমৃতসৰৰ পৰা ২১, ২৩, ২৫ আৰু ২৭ এপ্ৰিলত বিশেষ বিমান ৰাওনা হ’ব।

ঠিক সেইদৰে নতুন দিল্লীৰ পৰা ২১, ২৩, ২৫ আৰু ২৭ এপ্ৰিলত, গোৱাৰ পৰা ২০, ২২ আৰু ২৪ এপ্ৰিলত আৰু মুম্বাই্‌ৰ পৰা ২৬ এপ্ৰিলত বৃটিশ্ব নাগৰিকক লৈ লণ্ডনলৈ ৰাওনা হ’ব বিশেষ বিমান।

থম্পছনে লগতে কয়, ‍‘সৰ্বাধিক সংখ্যক বৃটিশ্ব নাগৰিক আৱদ্ধ হৈ থকা স্থান সমূহৰ পৰা বিমানৰ ব্যৱস্থা বৃদ্ধি কৰাৰ প্ৰচেষ্টা কৰি আছো’।

উল্লেখ্য যে ১৩ এপ্ৰিললৈকে দক্ষিণ ভাৰতৰ পাঁচখন চহৰত আৱদ্ধ হৈ থকা প্ৰায় তিনি হাজাৰ বৃটিশ্ব নাগৰিক ইতিমধ্যে বিশেষ বিমানৰ জৰিয়তে লণ্ডনলৈ উভতি গৈছে।