NORTHEAST NOW (Assamese)
অসম

লকডাউন: গুৱাহাটীত পাচলি-মাছ-মাংসৰ অনুমতিহীন বিক্ৰী, ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ উপায়ুক্তৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 19, 2020 9:45 pm
Lockdown: Kamrup metro administration to take action against illegal vegetable, fish, meat vendors in Guwahati

লকডাউনৰ মাজত কৰ্তৃপক্ষৰ অনুমতিপত্ৰ নোহোৱাকৈ গুৱাহাটীত শাক-পাচলি আৰু মাছ-মাংস বিক্ৰী কৰা একাংশ লোকৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ বাবে উপায়ুক্তই নিৰ্দেশ দিছে।

কামৰূপ মহানগৰ জিলা উপায়ুক্তই দেওবাৰে এই নিৰ্দেশ জাৰি কৰি নিৰ্দিষ্ট এলেকাসমূহত পৰিদৰ্শনৰ বাবে আঠগৰাকী কাৰ্য্যবাহী দণ্ডাধীশক দায়িত্ব অৰ্পণ কৰিছে।

নিৰ্দেশটোত কোৱা হৈছে যে এই অবৈধ বেপাৰীসকলে সামাজিক দূৰত্ব ৰক্ষাৰ নিয়ম উলংঘন কৰাৰ লগতে সামগ্ৰীসমূহ অত্যধিক দামত বিক্ৰী কৰি আহিছে।

উল্লেখযোগ্য যে প্ৰশাসনে সামগ্ৰীসমূহৰ দাম ইতিমধ্যে নিৰ্ধাৰণ কৰি দিছিল।

নিৰ্দেশটোত কোৱা হৈছে যে বজাৰ, ফুটপাথ বা পথৰ কোণত সামগ্ৰীসমূহৰ অনুমতিহীন বিক্ৰী গুৰুতৰ অভিযোগ হিচাপে ধৰা হ’ব আৰু এনে অবৈধ বেপাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখযোগ্য যে লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰাৰ উদ্দেশ্যে প্ৰশাসনে ঘৰে ঘৰে অনুমতিপ্ৰাপ্ত বেপাৰীৰ যোগেদি সামগ্ৰীসমূহ বিক্ৰীৰ ব্যৱস্থা কৰিছিল।

সকলো ক্ষেত্ৰতে সামাজিক দূৰত্ব বজাই চলাৰ লগতে ক’ভিড-১৯ সম্পৰ্কীয় সকলো নিৰ্দেশনা মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছিল।

তাৰোপৰি সকলো বজাৰৰ লগতে ফুটপাথ বা পথৰ দাঁতিত এই সামগ্ৰীসমূহৰ বিক্ৰী বন্ধ কৰা হৈছিল।

কিন্তু শেহতীয়াকৈ সেই নিয়মসমূহ উলংঘা কৰি একাংশ লোকে অনুমতিহীনভাৱে শাক-পাচলি, মাছ-মাংস বিক্ৰী কৰা দেখা গৈছে।