NORTHEAST NOW (Assamese)
Popular Stories

দিল্লী আৰক্ষীয়ে নিজৰ বিভাগৰ ক’ৰ’নাত আক্ৰান্ত কৰ্মচাৰীক প্ৰদান কৰিব এক লাখ টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 19, 2020 9:22 pm
Delhi Police

দেশত অব্যাহত থকা ক’ৰ’না ভাইৰাছৰ সংহাৰ ৰোধৰ বাবে ৩ মে’লৈকে বৃদ্ধি কৰা হৈছে লকডাউন। ইয়াৰ মাজতে ক’ৰ’নাত আক্ৰান্ত কৰ্মচাৰীৰ বাবে সুখবৰ লৈ আহিছে দিল্লী আৰক্ষীয়ে।

দিল্লী আৰক্ষীয়ে জানিব দিয়া অনুসৰি যদি তেওঁলোকৰ কোনো কৰ্মচাৰী ক’ৰ’নাত আক্ৰান্ত হয় তেন্তে ৱেলফেয়াৰ ফাণ্ডৰ সহায়ত তেওঁলোকক এখ লাখ টকা সাহায্য হিচাপে প্ৰদান কৰিব।

দিল্লী আৰক্ষী আয়ুক্তই জাৰি কৰা এই আদেশত কোৱা হৈছে যে যদি দিল্লী আৰক্ষীৰ কোনো কৰ্মচাৰী ক’ৰ’নাত আক্ৰান্ত হয় তেন্তে তেওঁলোকক শীঘ্ৰে আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

এই সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ মুখ্য কাৰ্যালয়ত কৰ্মচাৰীসকলে নিজৰ ইজৰ সবিশেষ দাখিল কৰিব। ইয়াৰ পিছত ক’ৰ’নাত আক্ৰান্ত কৰ্মচাৰী-বিষয়াক সাহায্য আগবঢ়োৱা হ’ব।

উল্লেখ্য যে ৰাজধানী দিল্লীত এই পৰ্যন্ত ১৮৯৩ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু ৪২ গৰাকী লোক ইয়াৰ ফলত মৃত্যুমুখত পৰিছে। আনহাতে ৭২ গৰাকী লোক ক’ৰ’নাৰ পৰা সম্পূৰ্ণ সুস্থ হৈ উঠা বুলি স্বাস্থ্য বিভাগে জনাইছে।