NORTHEAST NOW (Assamese)
অসম

কুইন ওজা কোনো ফেক্টৰ নহয় : কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা

Posted by: নীলমণি শৰ্মা April 4, 2019 8:36 am
Babita Sarma

বিগত দহ বছৰ ধৰি বিজেপিৰ দখলত থকা সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিবাসীয়ে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। এই মন্তব্য গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ববিতা শৰ্মাৰ।

বুধবাৰে কৃষ্ণাইত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত মা ভগৱতীৰ আশীৰ্বাদ বিচাৰি অহা ববিতা শৰ্মাই সাংবাদিকৰ আগত এই মন্তব্য কৰে।

সাংবাদিকে বিজেপি প্ৰাৰ্থী কুইন ওজা সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত বিজেপিৰ প্ৰাৰ্থীগৰাকী কোনো ফেক্টৰ নহয় বুলি উল্লেখ কৰে ববিতা শৰ্মাই। লগতে কয় যে প্ৰকৃতাৰ্থত কংগ্ৰেছ দলহে আদৰ্শৰ দল আৰু সেই কথা এতিয়া ৰাইজে বুজি উঠিছে।

শেহতীয়াকৈ বিজেপিৰ প্ৰাৰ্থী কুইন ওজাই শিক্ষাগত অৰ্হতা সম্পৰ্কত এক বিৰ্তকত সোমাই পৰা ঘটনাক কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে সমালোচনা কৰে।

বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ শিক্ষাগত অৰ্হতাৰ সম্পৰ্কত উঠা অভিযোগৰ ভিত্তিত শীঘ্ৰে তদন্ত কৰিবলৈ ববিতা শৰ্মাই চৰকাৰক আহ্বান জনায়। গুৱাহাটীৰ দৰে এটা সন্মানীয় সমষ্টিত শিক্ষাগত অৰ্হতাৰ জালিয়াতি লজ্জাজনক বুলি উল্লেখ কৰে ববিতা শৰ্মাই।

টুক্ৰেশ্বৰী দেৱালয়ত উপস্থিত হোৱাৰ আগতে ববিতা শৰ্মাই কৃষ্ণাইৰ এখন সভাত অংশগ্ৰহণ কৰি বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে।