NORTHEAST NOW (Assamese)
অসম

সৰ্বসাধাৰণৰ হাতত মাৰণাস্ত্ৰ তুলি দিব বিচৰা সিদ্ধান্তক শান্তি আৰু ঐক্যৰ স্বাৰ্থত প্ৰত্যাহাৰৰ দাবী আপৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 30, 2025 7:46 am

যোৱা ন বছৰে শাসনভাৰ গ্ৰহণ কৰি বিজেপি চৰকাৰে অসমৰ জনসাধাৰণক এটাও নিৰাপদ বাতাবৰণ দিব নোৱাৰি আজি ৰাইজৰ হাতত আগ্নেয়াস্ত্র তুলি দিব বিচৰাটো এক হঠকাৰী তথা ঘৃণনীয় সিদ্ধান্ত বুলি অভিহিত কৰিছে আম আদমি পার্টী অসম ৰাজ্যিক সমিতিয়ে।

এক প্রেছ বার্তাযোগে আপ, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই অসমত মনিপুৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাটো বিচাৰিছে নেকি বুলি প্রশ্ন উত্থাপন কৰি কয় যে জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাটো চৰকাৰৰ সাংবিধানিক দায়িত্ব, চৰকাৰৰ আইন আছে, প্রশাসনিক ব্যৱস্থা আছে, জাতি-মাটি- ভেটি ৰক্ষা কৰিব নোৱাৰা চৰকাৰখনে বাংলাদেশীক ৰুধিবলৈ খিলঞ্জীয়াৰ হাতত মাৰণাস্ত্ৰ তুলি দি ৰাজ্যখনক অৰাজকতা আৰু বিপদজ্জনক দিশলৈ ঠেলি দিব বিচাৰিছে।

তদুপৰি সভাপতি ডাঃ চৌধুৰীয়ে বৰ্তমান বিজেপি চৰকাৰখনে ৰাজ্যৰ আইন-শৃংখলা ৰক্ষাত সম্পূৰ্ণ বিফল হৈছে, চৰকাৰখনে এতিয়া খিলঞ্জীয়াৰ নিৰাপত্তাৰ নামত একাংশ লোকৰ হাতত ৰক্তপাতৰ প্ৰৱৰ্তন কৰি গোট আৰু সাম্প্রদায়িক সংঘাত সৃষ্টি কৰিব বিচাৰিছে বুলি উল্লেখ কৰে।

আম আদমি পার্টীয়ে অসমত শান্তি আৰু ঐক্য ৰক্ষাৰ স্বাৰ্থত এনে আত্মঘাতী সিদ্ধান্ত শীঘ্রে প্রত্যাহাৰ কৰিবলৈ দাবী জনাইছে।