NORTHEAST NOW (Assamese)
Popular Stories

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 6, 2025 1:26 pm

যোৰহাট জিলাৰ মৰিয়নিৰ চেলেংহাটত সংঘটিত হৈছে এক পাশৱিক ঘটনা। পিতৃয়ে কুঁৱালৈ দলিয়ালে তিনিমহীয়া সন্তানক। চেলেংহাটৰ ডালিম চাহ বাগিছাৰ টেকলা লাইনত সংঘটিত হৈছে এই জঘন্য ঘটনা।

অমৰ বৰাইক নামৰ লোকজনৰ বিৰুদ্ধে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে, ডালিম চাহ বাগিছাৰ টেকলা লাইনৰ অমৰ বৰাইক আৰু পত্নীৰ মাজত যোৱা নিশা প্ৰায় ১০ মান বজাত কোনো কথাক লৈ কাজিয়াৰ সৃষ্টি হয়। দুয়োৰে কাজিয়াৰ মাজত উন্মাদপ্ৰায় হৈ পৰা পিতৃ অমৰ বৰাইক (৩০)এ তিনিমহীয়া কেঁচুৱাটো মাতৃৰ কোলাৰপৰা টানি আজুৰি কাঢ়ি লৈ ঘৰৰ সমীপৰ এটা কুঁৱালৈ দলিয়াই দিয়ে।

আনহাতে, ঘটনা সংঘটিত কৰি চেলেংহাট আৰক্ষী থানাত আত্মসমৰ্পণ কৰে অমৰে। পৰৱৰ্তী সময়ত মাত্ৰ তিনিমাহত ভৰি দিয়া দুৰ্ভগীয়া কন্যা শিশুটিৰ মৃতদেহ কুঁৱাৰপৰা আৰক্ষীয়ে উদ্ধাৰ কৰে।

ইতিমধ্যে, ঘাতক অমৰ বৰাইকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে।