NORTHEAST NOW (Assamese)
দেশ

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 8, 2025 10:01 am

দিল্লীৰ এগৰাকী যুৱতীৰ সৈতে জড়িত এক অদ্ভুত কিন্তু বাস্তৱ ঘটনাই ছচিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে। মাত্ৰ ১৮০ মিটাৰ যাবলৈ তেওঁ এখন ওলা বাইক বুকিং কৰিলে! যুৱতীগৰাকীয়ে নিজৰ সুৰক্ষাৰ বাবেই এই সিদ্ধান্ত লৈছিলকাৰণ ৰাস্তাত কুকুৰৰ জাক ঘূৰি ফুৰিছিল।

ভাইৰেল ইনষ্টাগ্ৰাম ৰিলটো বাইকাৰজনে নিজেই শ্বেয়াৰ কৰিছিল। ইয়াত দেখা গৈছে যুৱতীগৰাকীয়ে অলা বাইক চালকজনক অটিপি দিয়া। গন্তব্যস্থান দেখি চালকজন হতভম্ব হৈ পৰে।

১৮০ মিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰাৰ বাবে যুৱতীগৰাকীয়ে খৰচ কৰিলে মাত্ৰ ১৯ টকা। কিন্তু এই সৰু ভ্ৰমণ এতিয়া আলোচনাৰ বিষয়!

ভিডিঅটো ছচিয়েল মিডিয়াত আপলোড হোৱাৰ লগে লগে ভাইৰেল হৈ পৰে। কিছুমান নেটিজেনে হাঁহিছে, কিছুমানে কটুক্তি কৰিছে, আৰু কিছুমানে বিষয়টোক প্ৰকৃত চিন্তাৰ বিষয় হিচাপে লৈছে।

কিন্তু বেছিভাগেই এই পৰিঘটনাক “টেকন’জিয়া” বুলি অভিহিত কৰিছে‘ত নিজকে ৰক্ষা কৰিবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰাটো নতুন প্ৰজন্মৰ জীৱনশৈলীত পৰিণত হৈছে।