NORTHEAST NOW (Assamese)
Popular Stories

ৰাজাক হত্যা কৰিবলৈ ভাড়াতীয়া হত্যাকাৰী! জেৰাৰ সময়ত প্ৰাক্তনৰ সৈতে সম্পৰ্কৰ কথা স্বীকাৰ সোণমৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 9, 2025 1:17 pm

নিৰুদ্দেশ হোৱাৰ ১৭ দিনৰ পাছত ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ ৰহস্য উদ্ধাৰ কৰিলে আৰক্ষীয়ে। সোমবাৰে পুৱা এই ঘটনাৰ লগত তেওঁৰ পত্নী সোণম জড়িত বুলি জানিব পৰা গ’ল। ৰাজা ৰঘুৱংশীৰ সৈতে তেওঁ মেঘালয়ৰ পৰা নিৰুদ্দেশ হৈছিল। উত্তৰ প্ৰদেশৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হ’ল।

সোণমৰ বাহিৰেও আজি হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত আৰু তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰাৰম্ভিক জেৰাৰ সময়ত সোণমে হেঁচাত পৰি হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। পিছত জেৰাৰ সময়ত আৰক্ষীয়ে অধিক তথ্য লাভ কৰে।

জানিব পৰা মতে, যুৱতীগৰাকীয়ে হানিমুনত যোৱাৰ সময়তে আগতীয়াকৈ হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল। যিহেতু মাত্ৰ কেইদিনমানৰ আগতে তেওঁলোকৰ বিয়া হৈছিল, সেয়েহে হত্যাৰ উদ্দেশ্যক লৈ আৰক্ষীৰ মাজত বিভ্ৰান্তি হৈছিল।

জেৰাৰ সময়ত জানিব পৰা গৈছে যে ইন্দোৰৰ যুৱতীগৰাকীৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক আছিল। বিয়াৰ পিছতো তেওঁৰ প্ৰাক্তন প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে সম্পৰ্ক অব্যাহত ৰাখিব বিচাৰিছিল। কিন্তু যিহেতু ৰাজাৰ সেই কথাত মত নাছিল, সেয়েহে তেওঁ তেওঁক পৃথিৱীৰ পৰা আঁতৰাই পেলোৱাৰ পৰিকল্পনা কৰিছিল।

আৰক্ষীয়ে জনোৱা মতে, উত্তৰ প্ৰদেশৰ গাজীপুৰৰ পৰা ২৪ বছৰীয়া সোণমক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰাক্তন প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে তেওঁ হত্যাৰ পৰিকল্পনা কৰিছিল আৰু মধ্যপ্ৰদেশৰ ভাড়াতীয়া হত্যাকাৰীক নিযুক্তি দিছিল।

স্থানীয় এজন পৰ্যটক গাইডে জনাইছিল যে ঘটনাৰ দিনটোত সোণম আৰু ৰাজাক তিনিজন অচিনাক্ত লোকৰ সৈতে দেখা গৈছিল। এই তথ্যৰ ভিত্তিত আৰক্ষীয়ে এই সিদ্ধান্তত উপনীত হৈছে যে এয়া হত্যাকাণ্ড আছিল।

প্ৰথম অৱস্থাত সোণমক বিচাৰি উলিয়াব পৰা নাছিল। পিছত গাজীপুৰৰ পৰা ফোনযোগে পৰিয়ালৰ সৈতে যোগাযোগ কৰে। এই বিষয়ে তেওঁৰ পৰিয়ালে ইন্দোৰ আৰক্ষীক অৱগত কৰে। গাজীপুৰ আৰক্ষীৰ সৈতে যৌথ অভিযানত কেইঘণ্টামানৰ ভিতৰতে গ্ৰেপ্তাৰ কৰে সোণমক।

এই গোচৰত এতিয়ালৈকে মুঠ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, য’ত সোণম আৰু তিনিজন ভাড়াতীয়া হত্যাকাৰীও আছে। আন এজন সন্দেহযুক্ত লোক পলাতক। সোমবাৰে পুৱা মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধান ইদশীসা নোংৰাঙে কয় যে সোণমে নিজৰ স্বামীক হত্যাৰ পৰিকল্পনা কৰি হত্যাকাৰী নিয়োগ কৰিছিল।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীক প্ৰশংসা কৰে। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, “৭ দিনৰ ভিতৰতে মেঘালয় আৰক্ষীয়ে এই গোচৰত যথেষ্ট সফলতা লাভ কৰিছে। মধ্য প্ৰদেশৰ পৰা তিনিজন ভাড়াতীয়া হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে, মহিলাগৰাকীয়ে আত্মসমৰ্পণ কৰিছে। আন এজন অভিযুক্তৰ সন্ধান কৰা হৈছে। মই মেঘালয় আৰক্ষীৰ কামৰ শলাগ লৈছো।”