NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

আমেৰিকাৰ পৰা বিতাৰিত ভাৰতীয় ছাত্ৰক বিমান বন্দৰত অকথ্য নিৰ্যাতন

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী June 9, 2025 5:05 pm

বিমান বন্দৰত অকথ্য নিৰ্যাতন চলোৱা হৈছে আমেৰিকাৰ পৰা বিতাৰিত কৰা এগৰাকী ভাৰতীয় ছাত্ৰক। ভাইৰেল হৈ পৰিছে এই ঘটনাৰ দৃশ্য।

আমেৰিকাৰ নেৱাৰ্ক বিমানবন্দৰত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ অবৈধ অনুপ্ৰৱেশকাৰীক বিতাৰণৰ পদ্ধতিক লৈ পুনৰবাৰ প্ৰশ্ন উত্থাপন হৈছে।

ভাৰতীয় মূলৰ উদ্যোগী কুনাল জৈনে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা এই ভিডিঅটোত তেওঁ লিখিছে যে সেই সময়ত যুৱ ছাত্ৰজনে কান্দি কান্দি চিঞৰি আছিল। কৰ্তৃপক্ষই তেওঁক দাগী অপৰাধীৰ দৰে ব্যৱহাৰ কৰি আছিল। কুনাল জৈনে আমেৰিকাত থকা ভাৰতীয় দূতাবাসক এই বিষয়টো চোৱাচিতা কৰি ছাত্ৰজনৰ সহায়ৰ বাবে আহিবলৈ আহ্বান জনায়।

জৈনে এক্সত লিখিছে, “যোৱা নিশা মই তাত আছিলো যেতিয়া নেৱাৰ্ক বিমানবন্দৰৰ পৰা এজন ভাৰতীয় যুৱক ছাত্ৰক বহিষ্কাৰ কৰা হৈছিল। গোটেই ঘটনাটো মোৰ চকুৰ সন্মুখতে ঘটিছিল। ল’ৰাজনক হেণ্ডকাফৰে বান্ধি থোৱা হৈছিল। পুলিচ বিষয়াই জোৰকৈ মাটিত পেলাই দিছিল আৰু তেওঁ কান্দিছিল। কৰ্তৃপক্ষই তেওঁক এনেদৰে ব্যৱহাৰ কৰিছিল, যেন তেওঁ এজন অপৰাধী, ছাত্ৰ নহয়।”

জৈনে লগতে লিখিছে, লৰাটোৱে বিষত চিঞৰি থকা নাছিল। নিজৰ সপোন ছিন্নভিন্ন হৈ পৰাৰ বাবে সি কান্দি আছিল। এজন অনাবাসী ভাৰতীয় হিচাপে তেওঁৰ অসহায়তা অনুভৱ কৰিছিলোঁ।