NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী June 16, 2025 2:51 pm

দেওবাৰে কলিয়াবৰৰ জয়ন্তীপুৰ মৰিয়া গাঁৱৰ সমীপৰ কলং নদীৰ পাৰৰ পৰা স্থানীয় ৰাইজে উদ্ধাৰ কৰে এটা আঘাতপ্ৰাপ্ত হৰিণ। আঘাতৰ ফলত এটা ভৰিত সংক্ৰমণ লৈ বিচৰণ কৰি ফুৰিছিল দুৰ্বলটো হৰিণটোৱে। স্থানীয় ৰাইজে হৰিণটোক প্ৰত্যক্ষ কৰি শিলঘাত বন বিভাগক চিকিৎসাৰ বাবে চমজাই দিয়ে।

প্ৰত্যক্ষদৰ্শীৰ মতে, কলং নদীৰ পাৰত ৰাইজে দুৰ্বল অৱস্থাত হৰিণটোক প্ৰত্যক্ষ কৰিছিল। তাৰপিছত স্থানীয় ৰাইজে বনবিভাগক খবৰ দিয়ে।

শিলঘাট ৰেঞ্জৰ বনকৰ্মীয়ে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ আহত জন্তুটোক সযতনে ওচৰৰ পশু চিকিৎসালয়লৈ লৈ যায়। বিষয়াসকলে নিশ্চিত কৰিছে যে বৰ্তমান হৰিণটো চিকিৎসাধীন হৈ আছে আৰু চিকিৎসকৰ তত্বাৱধানত সুস্থ হোৱাৰ সম্ভাৱনা আছে।