NORTHEAST NOW (Assamese)
Popular Stories

মাজুলীৰ বিদ্যালয়ত অঘটন : প্ৰধান শিক্ষকে কাটিলে ২২ গৰাকী বৈষ্ণৱ ছাত্রৰ চুলি

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ April 27, 2019 8:44 pm

মাজুলীৰ আউনীআটী সত্র মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বৰ্বৰতাই সত্ৰীয়া সংস্কৃতীৰ প্ৰাণকেন্দ্ৰ মাজুলী জিলাত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

৫০০ বছৰীয়া সত্রীয়া পৰম্পৰা তথা ঐতিহ্যত আঘাট হানি বিদ্যালয়খনৰ প্রধান শিক্ষক প্রশান্ত দোলাকাষৰীয়াই ২২ গৰাকীকৈ বৈষ্ণব ছাত্রৰ খলপা খলপকৈ চুলি কাটি এক অভাবনীয় পৰিস্থিতিৰ সৃষ্টি কৰে।

ঘটনাৰ বিৱৰণি অনুসৰি আজি পুৱা বিদ্যালয়ৰ প্রাৰ্থনা সভাত প্রধান শিক্ষকে বিদ্যালয়খনত অধ্যয়নৰত ২২ গৰাকীকৈ আউনী আটী সত্রৰ বৈষ্ণব ছাত্রৰ দীঘলকৈ ৰখা চুলিত ৰং কৰি অহাৰ অজুহাতত চুলি খলপা খলপকৈ কাটি দিয়ে।

এই কাণ্ডত মৰ্মাহত হৈ শিশু আৰু কিশোৰ বৈষ্ণব ছাত্রকেইগৰাকীয়ে সত্রৰ নিজ নিজ বহালৈ গৈ অভিভাৱকৰ সন্মুখত ঘটনাটো প্রকাশ কৰি কান্দোনত ভাগি পৰে। সত্রৰ পৰম্পৰা আৰু ধৰ্মীয় অনুভূতিত তীব্র আঘাত হনা এই কাৰ্য্য প্রত্যক্ষ কৰি হতচকিত হৈ পৰা জ্যেষ্ঠ বৈষ্ণৱসকলে ছাত্রকেইগৰাকীক লগত লৈ মাজুলীৰ জিলা উপায়ুক্তৰ কাষ চাপে।

উপায়ুক্তক অভিযোগ দিয়াৰ উপৰি বৈষ্ণৱসকলে মাজুলী আৰক্ষী থানাত ঘটনা সম্পৰ্কত এক গোচৰ ৰুজু কৰে।

আনহাতে অভিযুক্ত প্রধান শিক্ষক গৰাকীক এই বিষয়ে সোধাত তেওঁ ছাত্রসকলৰ উশৃঙ্খল স্বভাব তথা চুলিত ৰং কৰি বিদ্যালয়লৈ অহাৰ বাবেই ৰং কৰা চুলিখিনি কাটি দিয়া হৈছিল বুলি উল্লেখ কৰে।