NORTHEAST NOW (Assamese)
অসম

সাংসদ অজিত কুমাৰ ভূঞাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তলব কৰাকলৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী June 16, 2025 6:19 pm

ৰাজ্যসভাৰ সাংসদ তথা ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাক তদন্তৰ নামত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তলব কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে।

গগৈয়ে কয় যে – ৰাজ্যসভাৰ সাংসদ তথা ৰাজ্যখনৰ এজন অন্যতম জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা ডাঙৰীয়াক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে (CM Vigilance) তদন্তৰ বাবে তলব কৰা কাৰ্য সম্পূৰ্ণৰূপে ৰাজনৈতিক উদ্দেশ্যে প্ৰণোদিত । অসমৰ যিসকল সচেতন ব্যক্তি,নাগৰিক সমাজ আৰু বুদ্ধিজীৱি সমাজে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু অগণতান্ত্ৰিক কাম-কাজৰ বিৰুদ্ধে সৰৱ হৈ সৰ্বসাধাৰণৰ স্বাৰ্থত আৰু সংবিধান তথা গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত মাত মাতি আহিছে সেইসকলৰ কন্ঠ ৰোধ কৰাৰ বাবেই চৰকাৰে এনে প্ৰয়াস কৰিছে।

লগতে প্ৰশ্ন উত্থাপন কৰি গৌৰৱ গগৈয়ে কয়, যদিহে চৰকাৰে সঁচাকৈয়ে দুৰ্নীতিৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত কৰিবলৈ বিচাৰিছে তেন্তে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্বত থকা,লোকনিৰ্মাণ বিভাগৰ দায়িত্বত থকা আৰু জলজীৱন মিচনৰ দায়িত্বত থকা বৰমূৰীয়া সকলৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত আৰম্ভ নকৰে কিয় ?