NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ইজৰাইল-ইৰাণৰ সংঘাতৰ বাবে তেহৰাণৰ পৰা কুমলৈ স্থানান্তৰিত কৰে ভাৰতীয় ছাত্ৰ-ছাত্ৰীক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 16, 2025 6:24 pm

ইজৰাইল আৰু ইৰাণৰ মাজত সংঘাত তীব্ৰতৰ হোৱাৰ লগে লগে জম্মু-কাশ্মীৰৰ ১৫০০ৰো অধিক ভাৰতীয় ছাত্ৰক তেহৰাণৰ পৰা ১৪৮ কিলোমিটাৰ দূৰত্বৰ কুমলৈ স্থানান্তৰ কৰা হৈছে। ইৰাণৰ সামৰিক আৰু পাৰমাণৱিক স্থানক লক্ষ্য কৰি ১৩ জুন শুকুৰবাৰে “অপাৰেচন ৰাইজিং লায়ন”ৰ জৰিয়তে আৰম্ভ হোৱা ইজৰাইলৰ বোমা বিস্ফোৰণৰ বাবে ইৰাণৰ কৰ্তৃপক্ষৰ সমন্বয়ত ইৰাণৰ ভিতৰত নিৰাপদ অঞ্চললৈ ছাত্ৰ-ছাত্ৰীক স্থানান্তৰিত কৰিবলৈ আৰম্ভ কৰিছে তেহৰাণত থকা ভাৰতীয় দূতাবাসে।

সংঘাতৰ মাজতে ইৰানে নিজৰ আকাশমাৰ্গ বন্ধ কৰিছে যদিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতক আশ্বাস দিছে যে ভাৰতীয় নাগৰিকক নিৰাপদভাৱে স্থানআন্তৰৰ বাবে সকলো স্থল সীমা মুকলি থাকিব। ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে এই প্ৰক্ৰিয়াটো সহজ কৰি তুলিবলৈ নাম, পাছপ’ৰ্ট নম্বৰ, বাহনৰ নিৰ্দিষ্টতা, যাত্ৰাৰ সময় আৰু সীমান্ত পাৰ হোৱাৰ দৰে সবিশেষ তথ্য বিচাৰিছে। ভাৰত চৰকাৰে এই পৰিকল্পনাত সক্ৰিয়ভাৱে কাম কৰাৰ সময়তে দেওবাৰে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কেন্দ্ৰীয় শাসিত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা সম্পৰ্কে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে আলোচনা কৰে।

শ্বাহিদ বেহেষ্টী বিশ্ববিদ্যালয় আৰু ইৰাণ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ দৰে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে ওচৰতে সংঘটিত হোৱা বিস্ফোৰণৰ বাবে তীব্ৰ আশংকা প্ৰকাশ কৰিছে। ভাৰতীয় দূতাবাসে শান্তিৰ বাবে আবেদন জনাইছে আৰু তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ জৰুৰীকালীন যোগাযোগ নম্বৰ আৰু সময় মতে তথ্য আহৰণৰ সুবিধাৰ  বাবে এটা টেলিগ্ৰাম গ্ৰুপ প্ৰদান কৰিছে।