NORTHEAST NOW (Assamese)
Popular Stories

Dream-11-এ লাভ কৰিলে আই পি এল ২০২০ৰ টাইটেল স্পনছৰছিপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 18, 2020 4:06 pm

অৱশেষত চাইনীজ কোম্পানি ভিভ’ৰ পৰিৱৰ্তে Dream 11 (ড্ৰিম ইলেভেন)-এ আই পি এল ২০২০ৰ টাইটেল স্পনছৰছিপ লাভ কৰিছে।

ড্ৰিম ইলেভেনে আই পি এল ২০২০ৰ টাইটেল স্পনছৰছিপৰ বাবে ২৫০ কোটি টকা খৰচ কৰিছে। এই কথা জনাইছে বি চি চি আইয়ে।

উল্লেখ্য যে ভিভোৰ ৪৪০ কোটি টকাৰ তুলনাত ১৯০ কোটি টকা কমত চলিত বছৰৰ বাবে স্পনছৰছিপ লাভ কৰিছে ড্ৰিম ইলেভেনে।

টাইটেল স্পনছৰছিপ লাভৰ বাবে ড্ৰিম ইলেভেনৰ উপৰি বাইজু, টাটাৰ লগতে আন কেইবাটাও শীৰ্ষ কোম্পানিয়ে ইচ্ছা প্ৰকাশ কৰিছিল।

জানিব পৰা মতে, স্পনছৰছিপৰ দৌৰত থকা আনএকাডেমিয়ে ২১০ কোটি, টাটাই ১৮০ কোটি আৰু বাইজুৱে ১২৫ কোটি টকা প্ৰদান কৰিছিল।

স্মৰ্তব্য যে, ভাৰত আৰু চীনৰ মাজত হোৱা সীমাকেন্দ্ৰিক বিবাদৰ পিছতে বি চি চি আইয়ে চলিত বছৰৰ বাবে টাইটেল স্পনছৰছিপৰ পৰা ভিভোক উলিয়াই দিয়ে।

ভিভোৱে ২০১৮ বৰ্ষত পাঁচ বছৰৰ বাবে বি চি চি আইৰ পৰা ২১৯০ কোটি টকাত টাইটেল স্পনছৰছিপ লাভ কৰিছিল।

উল্লেখ্য যে চলিত বছৰৰ আই পি এল ভাৰতৰ পৰিৱৰ্তে য়ু এ ইত অহা ১৯ চেপ্তেম্বৰৰ পৰা ১০ নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব।