NORTHEAST NOW (Assamese)
Popular Stories

আহমেদাবাদ বিমান দুৰ্ঘটনা; আমেৰিকালৈ প্ৰেৰণ কৰা নহয় ব্লেক বক্স, মন্ত্ৰণালয়ে দিলে উত্তৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 20, 2025 11:49 am

১২ জুনত দুৰ্ঘটনাত পতিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ উদ্ধাৰ হোৱা ব্লেক বক্সৰ তথ্য বিশ্লেষণৰ বাবে আমেৰিকালৈ প্ৰেৰণ কৰা নহয়। এই ক্ষেত্ৰত অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে ইয়াক সঁচা নহয় বুলি উল্লেখ কৰিছে ।

মন্ত্ৰণালয়ৰ তৰফৰ পৰা জাৰি কৰা বিবৃতিত কোৱা হৈছে যে এনেধৰণৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই আৰু সংবাদ মাধ্যমত ইয়াক লৈ যি বাতৰি প্ৰকাশ পাই আহিছে সেয়া তথ্যৰ ওপৰত আধাৰিত নহয় । মন্ত্ৰণালয়ে কয় যে ফ্লাইট ডাটা ৰেকৰ্ডাৰৰ তথ্য বিশ্লেষণ ক’ত কৰা হ’ব, ক’ত ইয়াৰ তথ্য উদ্ঘাটন কৰা হ’ব সেই সিদ্ধান্ত এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেচন ব্যুৰ’ৰ ।

অনুসন্ধান ব্যুৰ’ৱে ইয়াৰ বিশ্লেষণ কৰিব আৰু তাৰ পিছতহে এই সিদ্ধান্ত গ্ৰহণ কৰা হ’ব যে তথ্য ভাৰততে উদ্ঘাটন কৰিব পৰা যাব নে নাযায় । ব্যুৰ’ৱে ইতিমধ্যে ইয়াৰ অনুসন্ধান আৰম্ভ কৰিছে ।

উল্লেখ্য যে, বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাই আহিছে যে যিহেতু ব্লেক বক্সৰ অৱস্থা অতি শোচনীয় আৰু সেয়েহে ইয়াৰ পৰা তথ্য উদ্ঘাটন কৰাটো যথেষ্ট কঠিন । সেই কাৰণে ইয়াক বিদেশলৈ প্ৰেৰণ কৰা হ’ব । সম্ভৱত আমেৰিকালৈ প্ৰেৰণ কৰা হ’ব । লগতে আমেৰিকাৰ ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা বোৰ্ডলৈ প্ৰেৰণ কৰা হ’ব বুলিও বাতৰি প্ৰকাশ পাই আহিছে ।