NORTHEAST NOW (Assamese)
Popular Stories

নগাঁৱৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা কিশোৰী গুৱাহাটীত উদ্ধাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 20, 2025 3:35 pm

নগাঁৱৰ ৰহাৰ নিৰুদ্দিষ্ট কিশোৰী অৱশেষত উদ্ধাৰ হল গুৱাহাটীত। নগাঁও আৰক্ষীয়ে গুৱাহাটীৰ পৰা উদ্ধাৰ কৰে কিশোৰীগৰাকীক। প্ৰথম অৱস্থাত কিশোৰীগৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছিল আৰক্ষীয়ে।

সোমবাৰে নিশা ডিফলুত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰীৰ মৃতদেহ। মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছতে সৃষ্টি হৈছিল বিভ্ৰান্তি। মৃতদেহটো ৰহাৰ পৰা নিখোঁজ হৈ থকা কিশোৰীগৰাকীৰ বুলি চিনাক্ত কৰিছিল। কিন্তু আজি গুৱাহাটীত জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয় কিশোৰীগৰাকীক।

জানিব পৰা মতে, ১১ জুনত ৰাহুল সিং নামৰ ট্ৰাক চালকৰ সৈতে পলাই গৈছিল ৰহাৰ কিশোৰীগৰাকী। কিশোৰীগৰাকীক আশ্ৰয় দিছিল ধীৰাজ কুমাৰ আৰু নন্দকিশোৰ সিং নামৰ দুজন লোকে। তিনিদিন পূৰ্বে পুনৰ কিশোৰীগৰাকীয়ে গড়চুকত এগৰাকী মহিলাৰ ঘৰত লৈছিল আশ্ৰয়। মহিলাগৰাকীৰ স্বামী পেছাত অটোচালক। আটাইকেইজনকে আটক কৰিছে নগাঁও আৰক্ষীয়ে।

ইফালে, নগাঁৱত মৃত অৱস্থাত উদ্ধাৰ হোৱা যুৱতীগৰাকী সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মৃত যুৱতীগৰাকীৰ DNA মজুত ৰাখিছে নগাঁও আৰক্ষীয়ে। ইতিমধ্যে যুৱতীগৰাকীৰ মৃতদেহ সৎকাৰ কৰিছিল ৰহাৰ কিশোৰীগৰাকীৰ পৰিয়ালে। সন্দেহৰ আৱৰ্তত সোমাই পৰিছে পৰিয়ালটোৰ ভূমিকা। কোনো পৰিয়ালৰ যুৱতী নিৰুদ্দিষ্ট হলে নগাঁও আৰক্ষীক যোগাযোগ কৰিবলৈকো আহ্বান জনাইছে।