NORTHEAST NOW (Assamese)
দেশ

ইজৰাইলৰ স্পাইচ-২৫০-এ বিধ্বংসী আঘাত হানিছে ইৰাণত! চীন আৰু পাকিস্তানৰ হুমকিৰ প্ৰতি লক্ষ্য ৰাখি সেই অস্ত্ৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 20, 2025 6:50 pm

ইজৰাইলৰ বিৰুদ্ধে চলি থকা যুদ্ধত ৰাফেল এডভান্সড ডিফেন্স চিষ্টেমছ লিমিটেডৰ দ্বাৰা নিৰ্মিত অত্যাধুনিক গাইডেড বোমা স্পাইচ-২৫০-এ যি নিখুঁত লক্ষ্যবস্তু আৰু বিধ্বংসী শক্তি দেখুৱাইছে, সেই অস্ত্ৰই এতিয়া ভাৰতৰ দৃষ্টি আকৰ্ষণ কৰিছে।

ভৱিষ্যতে যদি পাকিস্তানৰ ভিতৰলৈ সন্ত্ৰাসবাদীক লক্ষ্য কৰি অপাৰেছন ‘সিন্দূৰ’ৰ দৰে অভিযান চলোৱা হয়, তেন্তে স্পাইচ-২৫০ ভাৰতীয় বায়ুসেনাৰ বাবে এক শক্তিশালী অস্ত্ৰ হিচাপে বিবেচিত হ’ব পাৰে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, ভাৰতীয় বায়ুসেনাই এই গাইডেড বোমা ক্ৰয়ৰ বিষয়ে বিবেচনা কৰিছে তিনিটা মুখ্য কাৰণত—

  • ‘ডুৱেল চিগাৰ’ প্ৰযুক্তিৰ জৰিয়তে ই দীৰ্ঘ দূৰত্বৰ পৰা লক্ষ্য চিনাক্ত কৰি পিনপইণ্ট আঘাত কৰিবলৈ সক্ষম।
  • ৩০০ কিলোমিটাৰ পৰ্যন্ত দূৰত্বত স্পাইচ-২৫০য়ে GPS আৰু ইনাৰচিয়েল নেভিগেচন চিষ্টেম (INS)-ৰ সহায়ত সঠিকভাৱে লক্ষ্যত আঘাত কৰে।
  • ‘মাল্টিপল ৱাৰহেড’ ক্ষমতাৰ জৰিয়তে, এটাই একেলগে বহু লক্ষ্যত আক্ৰমণ কৰিব পাৰে।

উল্লেখ্য যে এই বোমা মিৰাজ-২০০০ বা চুখয়-৩০ ধৰণৰ ভাৰতীয় যুদ্ধবিমানত সহজে সংলগ্ন কৰিব পৰা যায়। লগতে, সম্ভাৱ্য ভাৰত–পাকিস্তান বা ভাৰত–চীন যুদ্ধত এই অস্ত্ৰই শত্ৰু যুদ্ধবিমানৰ পৰা এৰি গৈও লক্ষ্যত নিখুঁতভাৱে আঘাত কৰিবলৈ সক্ষম হ’ব।

‘অপাৰেছন সিন্দূৰ’ৰ সময়ত পাকিস্তান বায়ুসেনাই চীনা উৎপাদিত জে-১০চি যুদ্ধবিমানৰ জৰিয়তে ১৪৫ কিমি দূৰত্বৰ পিএল-১৫ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছিল। স্পাইচ-২৫০ ব্যৱহাৰ কৰি ভাৰতীয় বায়ুসেনাই তাৰো অধিক দূৰত্বৰ পৰা শত্ৰুৰ ভূমিতেই আক্ৰমণ কৰাৰ কৌশলগত ক্ষমতা লাভ কৰিব।