NORTHEAST NOW (Assamese)
অসম

১১ মাৰ্চৰ পৰা গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ইউফুজিম ২০২৬ ৰ বিশাল আয়োজন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 9, 2026 6:10 pm

গুৱাহাটীৰ অন্যতম উচ্চ শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে আগন্তুক ১১ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ তেওঁলোকৰ বাৰ্ষিক বিশ্ববিদ্যালয় সপ্তাহ ইউফুজিম ২০২৬ উদযাপনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। এইবাৰৰ এই অনুষ্ঠানৰ মূল বিষয়বস্তু হৈছে কন্ট্ৰাষ্ট এণ্ড ৰিভিল। এই বিশেষ কাৰ্যসূচীৰ জৰিয়তে কলা, প্ৰযুক্তি আৰু গেমিং আদি বিভিন্ন ক্ষেত্ৰক সামৰি লৈ নৱপ্ৰজন্মৰ চিন্তা-চৰ্চাক আমাৰ পৰম্পৰাগত ঐতিহ্যৰ সৈতে একাকাৰ কৰাৰ লক্ষ্য লোৱা হৈছে। এই চাৰিদিনীয়া কাৰ্যসূচীত আন্তঃবিশ্ববিদ্যালয় আৰু বিদ্যালয় পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব য’ত বিজয়ীসকলৰ বাবে ১.১৫ লাখ টকাৰো অধিক মূল্যৰ আকৰ্ষণীয় পুৰস্কাৰ আগবঢ়োৱা হ’ব।

বিশ্ববিদ্যালয়ৰ এই বিশাল উৎসৱত লোক নৃত্য, নাট আৰু সংগীতৰ দৰে সাংস্কৃতিক প্ৰতিযোগিতাৰ লগতে আধুনিক প্ৰযুক্তিৰ দিশবোৰ যেনে ৰৱটিক্স, হেকাথন, চাৰ্কিট্ৰনিক্স আৰু গেমিং আদি প্ৰতিযোগিতা আন্তঃবিশ্ববিদ্যালয় পৰ্যায়ত অনুষ্ঠিত কৰা হ’ব। ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰিবলগীয়া ভাওনা, পেৰেড আৰু বেটেল অৱ বেণ্ডছ এই অনুষ্ঠানৰ অন্যতম আকৰ্ষণ হিচাপে বিবেচিত হৈছে। লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিখ্যাত বেণ্ড ষ্ট্ৰিট ষ্টৰিজ আৰু অৰূপজ্যোতি বৰুৱাৰ কালটিভেটৰচৰ বেণ্ড সংগীতৰ অনুষ্ঠানে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিব।

ইউফুজিম ২০২৬ ৰ বিশেষ গুৰুত্বপূৰ্ণ অনুষ্ঠানটো হ’ব ১৪ মাৰ্চৰ সামৰণিৰ দিনা য’ত অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব। সংগীতৰ জগতত জুবিন গাৰ্গৰ যি অতুলনীয় অৱদান আছে আৰু যিদৰে তেওঁ নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে, সেই ভূমিকাক সন্মান জনাই উত্তৰ-পূৰ্বাঞ্চলৰ তিনিগৰাকী বিশিষ্ট সংগীত শিল্পীক এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হ’ব। উক্ত দিনা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব সংগীত শিল্পী দিগন্ত ভাৰতী। সেইদিনা সন্ধিয়া জনপ্ৰিয় সংগীত শিল্পী জয় বৰুৱাৰ গীতৰ শৰাই আৰু ডি জে হলি চিৰ বিশেষ কাৰ্যসূচীয়ে সমগ্ৰ অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিব।

প্ৰতি বছৰৰ দৰে এইবাৰো গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত থকা সুপ্ত প্ৰতিভাক বিকাশ কৰাৰ বাবে এই সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে পঞ্জীয়ন আৰু অধিক তথ্যৰ বাবে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট euphuism.gcuniversity.ac.in চাব পাৰিব। এই ইউফুজিম ২০২৬ য়ে শিক্ষাৰ্থীসকলৰ মাজত আনন্দ আৰু প্ৰতিযোগিতামূলক মনোভাৱ জগাই তোলাৰ লগতে এক সাংস্কৃতিক মিলনভূমিত পৰিণত হ’ব বুলি আশা কৰা হৈছে।