NORTHEAST NOW (Assamese)
অসম

এনআৰচিৰ পাছতেই হিংসাত্মক হ’ব অসমৰ পৰিস্থিতি: ‘আউটলুক’ৰ সমীক্ষাক লৈ চাঞ্চল্য

Posted by: এন ই নাও নিউজ June 4, 2018 12:39 pm
outlook

অসমৰ খিলঞ্জীয়া ৰাইজৰ একমাত্ৰ ৰক্ষাকৱচ হিচাপে বিবেচিত  ৰাষ্ট্রীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচি উন্নীতকৰণৰ পাছতেই অসমত ভয়াৱহ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷ উন্নীত নাগৰিকপঞ্জীৰ পৰা ৰাজ্যৰ বহু লাখ লোকৰ নাম কর্তন হ’ব পাৰে বুলি ধাৰণা কৰিয়েই এই আশংকা ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনী ‘আউটলুকে’।

উল্লেখযোগ্য যে ছুইডেনৰ উপছালা বিশ্ববিদ্যালয়ৰ পিচ এণ্ড কনফ্লিকক্ট ৰিছার্চ বিভাগৰ অধ্যাপক অশোক শ্বৈনে ‘আউটলুক’ আলোচনীৰ জুন সংখ্যাৰ বাবে প্রস্তুত কৰা এটা প্রবন্ধত অসমত চলি থকা ৰাষ্ট্রীয় নাগৰিকপঞ্জীক লৈ চৰম উদ্বিগ্নতা তথা শংকা ব্যক্ত কৰিছে৷

অধ্যাপক শ্বৈনে তেওঁৰ প্ৰবন্ধটোত আশংকা প্ৰকাশ কৰিছে যে নাগৰিকত্ব চিনাক্তকৰণ বিষয়টো অত্যন্ত স্পর্শকাতৰ৷ পূর্বে বিদেশী সমস্যাক লৈয়ে অসমৰ নেলীত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল৷ যদিহে সঁচাকৈয়ে নাগৰিকপঞ্জীৰ পূর্ণাংগ খচৰা প্রকাশৰ পাছত ৰাজ্যখনৰ বহু লাখ লোকৰ নাম নাগৰিকপঞ্জীত অন্তর্ভুক্ত নহয়, তেনেহ’লে ৰাজ্যত আইন- শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি  হোৱাৰ লগতে ভয়াৱহ ৰাজনৈতিক সংকটে দেখা দিব৷

আনহাতে একমাত্র অসমতে নহয়, এই ভয়াৱহ পৰিস্থিতিয়ে উত্তৰ- পূৰ্বাঞ্চলৰ চুবুৰীয়া ৰাজ্যসমূহকো চুই যাব বুলি আশংকা কৰিছে অধ্যাপক শ্বৈনে৷ আনহাতে, যিসকল হিন্দু লোকৰ নাম নাগৰিকপঞ্জীৰ পৰা কর্তন হ’ব, উক্ত লোকসকলক ভাৰতীয় নাগৰিকত্ব প্রদানৰ বাবে কেন্দ্রই চেষ্টা চলাব বুলি জনাই তেওঁ উল্লেখ কৰিছে যে ইয়াৰ বাবেই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰাৰ বাবে কেন্দ্রই যো-জা চলাইছে৷

মন কৰিবলগীয়া যে ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণক লৈ শেহতীয়াকৈ অসমত ভিতৰি ভিতৰি এক চেপা উত্তেজনাৰ সৃষ্টি হৈছে৷ অহা ৩০ জুনত নাগৰিকপঞ্জীৰ পূর্ণাংগ খচৰা প্রকাশ পাব৷ পূর্ণাংগ নাগৰিকপঞ্জীত বহুসংখ্যক লোকৰ নাম অন্তর্ভুক্ত নহ’ব বুলি একাংশ লোকে ইতিমধ্যে প্রচাৰ আৰম্ভ কৰিছ়ে, যাৰ ফলত ৰাজ্যৰ পৰিস্থিতি অনাগত দিনত ভয়াৱহ হোৱাৰ আশংকা সম্পূৰ্ণ প্রকট হৈ পৰিছে৷

ইতিমধ্যে এনআৰচিৰ পূর্ণাংগ খচৰা প্রকাশৰ পাছত ৰাজ্যৰ পৰিস্থিতি যাতে উত্তপ্ত নহয় তাৰ বাবে ৰাজ্য চৰকাৰেও কেন্দ্রৰ পৰা অতিৰিক্ত নিৰাপত্তা বাহিনী বিচাৰিছে৷