NORTHEAST NOW (Assamese)
অসম

ছিৰিয়াৰ গীৰ্জাত বোমা বিস্ফোৰণত ২০ জন নিহত, বহু আহত; আক্ৰমণকাৰী সন্দেহয়ুক্ত আই এছ সন্ত্ৰাসবাদী!  

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 23, 2025 9:31 am

ছিৰিয়াৰ ৰাজধানী ডামাস্কাছৰ এটা গীৰ্জাত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণত ২০ জন লোক নিহত হৈছে। দেশখনৰ সংবাদ সংস্থা SANA ৰ খবৰ অনুসৰি ৫৩ জন লোক আহত হৈছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা এ এফ পিয়ে প্ৰকাশ কৰা অনুসৰি কোনো ব্যক্তি বা গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

ডামাস্কাছৰ আটাইতকৈ নিৰাপদ অঞ্চলত অৱস্থিত গীৰ্জাঘৰটোৰ ওপৰত সংঘটিত এই আক্ৰমণে সংশ্লিষ্ট সকলো পক্ষকে স্তম্ভিত কৰি তুলিছে। ডিচেম্বৰ মাহত হোৱা ক্ষমতা সলনিৰ পিছত ছিৰিয়াত এইটোৱেই হৈছে সৰ্ববৃহৎ আক্ৰমণৰ ঘটনা।

ছিৰিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, ছেইণ্ট ইলিয়াছ গীৰ্জাত সংঘটিত বিস্ফোৰণত আহত বহু লোকৰ অৱস্থা সংকটজনক। ফলত নিহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।

যদিও আত্মঘাতী বোমাৰুৰ পৰিচয় জানিব পৰা হোৱা নাই, তথাপিও ছিৰিয়াৰ আভ্যন্তৰীণ নিৰাপত্তা মন্ত্ৰালয়ে কয় যে তেওঁলোকে সন্দেহ কৰিছে যে এই কাণ্ডৰ আঁৰত ইছলামিক ষ্টেট (আই এছ) আছে।

মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে আই এছৰ এজন উগ্ৰপন্থীয়ে গীৰ্জাত প্ৰৱেশ কৰি প্ৰথমে অটোমেটিক ৰাইফলেৰে গুলীচালনা কৰে। তাৰ পিছত কঁকালৰ বেল্টত বান্ধি অনা বিস্ফোৰকেৰে আত্মহত্যা কৰে।

ছিৰিয়াৰ তথ্য মন্ত্ৰী হামাদ মুস্তাফাই এই আক্ৰমণক গৰিহণা দি কয় যে আমি আমাৰ সকলো নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ। দোষীক বিচাৰি উলিওৱা হ’ব আৰু সেই অনুসৰি শাস্তি প্ৰদান কৰা হ’ব।

প্ৰত্যক্ষদৰ্শী লৰেন্স মামাৰীয়ে কয় যে আক্ৰমণকাৰীৰ গুলী শেষ হোৱাৰ পিছত তেওঁক ধৰিবলৈ চেষ্টা কৰা হৈছিল। তাৰ পিছতে তেওঁ বিস্ফোৰণেৰে নিজকে উৰুৱাই দিলে।