NORTHEAST NOW (Assamese)
দেশ

ইন্দিৰা গান্ধীৰ জৰুৰীকালিন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ : কি ক’লে নৰেন্দ্ৰ মোদীয়ে?

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী June 25, 2025 4:08 pm

জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে জৰুৰীকালীন সময়ত সংবিধানৰ আত্মাক কেনেকৈ উলংঘা কৰা হৈছিল সেয়া ভাৰতীয়ই কেতিয়াও পাহৰিব নোৱাৰে।

টুইটাৰত জৰুৰীকালীন অৱস্থাৰ বিষয়ে পোষ্ট কৰি তেওঁ কয় যে, ‘এয়া ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসৰ অন্যতম কলা অধ্যায়।

তেওঁ কয়, “জৰুৰীকালীন সময়ত সংবিধানত সন্নিৱিষ্ট মূল্যবোধক একাষৰীয়া কৰি মৌলিক অধিকাৰ স্থগিত ৰখা হৈছিল, সংবাদ মাধ্যমৰ স্বাধীনতা দমন কৰা হৈছিল আৰু বৃহৎ সংখ্যক ৰাজনৈতিক দলৰ নেতা, সমাজকৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ নাগৰিকক কাৰাগাৰত ভৰোৱা হৈছিল।”

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সেই সময়ত ক্ষমতাত থকা কংগ্ৰেছ চৰকাৰে গণতন্ত্ৰক পণবন্দী কৰি লোৱা যেন লাগিছিল।উল্লেখ্য যে ১৯৭৫ চনৰ ২৫ জুনৰ পৰা ১৯৭৭ চনৰ ২১ মাৰ্চলৈ দেশত জৰুৰীকালীন অৱস্থা বলবৎ হৈছিল। তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত চৰকাৰৰ পৰামৰ্শ মতে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল তেতিয়াৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে।