NORTHEAST NOW (Assamese)
Popular Stories

ৰঙা চন্দনৰ বাবে মেঘালয়ৰ দুস্কৃতিকাৰীয়ে অসমভূমিত জ্বলাই দিলে ঘৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 26, 2025 12:38 pm

অসম-মেঘালয় সীমান্তৰ কাৰ্বিভূমিৰ তাপাত অঞ্চলত সীমান্তৰ কাৰ্বিভূমিক লৈ পুনৰ কাৰ্বি আৰু খাছী লোকৰ মাজত সৃষ্টি হৈছে সংঘাতৰ ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তস্থিত তাপাত অঞ্চলত কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ অধীনস্থ বন বিভাগৰ ফালৰ পৰা এক বৃহৎ এলেকাত কিছুদিন পূৰ্বে ৰঙা চন্দন গছৰ পুলি ৰোপণ কৰা হৈছিল ৷ ইয়াৰ পাছতেই সীমান্তৰ খাছী আৰু কাৰ্বি লোকৰ মাজত সংঘাতৰ জুই জ্বলিবলৈ আৰম্ভ কৰে ৷

জানিব পৰা মতে, উক্ত এলেকাত ৰঙা চন্দনৰ পুলি ৰোপণৰ পাছৰে পৰাই মেঘালয়ৰ এচাম দুষ্কৃতিকাৰীয়ে সীমান্তৰ কিছুসংখ্যক স্থানীয় খাছী সম্প্ৰদায়ৰ লোকক লগত লৈ সেই অঞ্চল মেঘালয়ৰ বুলি দাবী কৰিবলৈ লয় ৷ আনহাতে একাংশ খাছী লোকে বিগত কিছুদিন পূৰ্বে অৰ্থাৎ ৰঙা চন্দনৰ পুলি ৰোপণ কৰি থকাৰ মাজতো গছপুলি ৰোপণত বাধা দি আহিছিল ৷ ইপিনে, এই সংঘাতক লৈ বুধবাৰে তাপাত প্ৰাথমিক বিদ্যালয়ত দুয়োখন ৰাজ্যৰ সীমান্তবাসীৰ মাজত এক শান্তিপূৰ্ণ আলোচনা হোৱাৰ কথা আছিল যদিও আলোচনা অনুষ্ঠিত হোৱাৰ পূৰ্বেই মেঘালয়ৰ এচাম খাছী লোকৰ উচতনিত একাংশ লোকে ৰঙা চন্দনৰ পুলিবোৰ এফালৰ পৰা উভালি তহিলং কৰিবলৈ আৰম্ভ কৰে ৷

এই সংঘাতৰ মাজতে অসমৰ কাৰ্বিভূমিৰ আশ্ৰয় শিবিৰতো খাছী লোকে অগ্নিসংযোগ কৰে ৷ ইপিনে, দুয়োপক্ষৰ মাজত সংঘাত ক্ৰমান্বয়ে বৃদ্ধি হোৱাত ঘটনাস্থলীত অসম আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও পৰিস্থিতি অধিক বেয়া হৈ পৰাত কন্দুৱা গেছ নিক্ষেপ কৰে ৷

ইয়াৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱৰাত আৰক্ষীয়ে ৰবৰৰ গুলী নিক্ষেপ কৰিবলৈ বাধ্য হয় ৷ ইতিমধ্যে ঘটনাস্থলীত জিলা আয়ুক্ত সাৰঙ্গপানী শৰ্মা আৰু আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছে যদিও যিকোনো মুহূৰ্ততে পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হৈ পৰাৰ আশংকা ব্যক্ত কৰিছে ৷