NORTHEAST NOW (Assamese)
Popular Stories

ভুল স্বীকাৰ কৰিলে যদিও ক্ষমা খোজাৰ পৰা বিৰত থাকিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কি ক’লে সামাজিক মাধ্যমত?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 29, 2025 12:37 pm

সাংবাদিকক অপমানিত কৰা প্ৰসংগকলৈ অৱশেষত মুখ খুলিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সাংবাদিকক কৰা অপমানসূচক মন্তব্যত দুখ প্ৰকাশ কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। কিন্তু সাংবাদিকক কৰা অপমানজনক মন্তব্যক লৈ ক্ষমা নুখুজি দুখহে প্ৰকাশ কৰিলে মন্ত্ৰীগৰাকীয়ে।

https://www.facebook.com/share/v/1FNfjv6xVe

জয়ন্ত মল্ল বৰুৱাই সামাজিক মাধ্যমত লিখিলে, ‘‘সংবাদ জগতৰ সৈতে আমাৰ পৰিয়ালৰ সম্পৰ্ক বহু পুৰণি। মোৰ দেউতাই ২২ বছৰ দৈনিক অসমৰ দৰে এখন প্ৰতিষ্ঠিত কাকতৰ স্থানীয় সংবাদদাতা হিচাপে কাম কৰিছিল। সেয়ে সাংবাদিকৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা সৰুৰে পৰাই গঢ় লৈ উঠিছিল আৰু এই শ্ৰদ্ধা মোৰ অন্তৰত আছিল, আছে আৰু সদায়েই থাকিব।

ইচ্ছাকৃত ভাৱে মই কোনো সাংবাদিকক অপমান কৰা নাই, তথাপিতো মোৰ কথাত যদি কাৰোবাৰ মনত আঘাত লাগিছে তাৰবাবে মই সঁচাকৈয়ে দুঃখিত। লগতে এটা কথা মই বিনম্ৰতাৰে স্পষ্ট কৰি দিব খোজোঁ যে সিদিনাৰ সংবাদমেলত কোনো সাংবাদিকক তুচ্ছ কৰাৰ মানসিকতাৰে মই একো কথা কোৱা নাছিলোঁ, মাত্ৰ এটা নিৰ্দিষ্ট চেনেলৰ এগৰাকী নিৰ্দিষ্ট সাংবাদিকে তেওঁৰ মালিকপক্ষৰ ব্যক্তিগত স্বাৰ্থত উদ্দেশ্য প্ৰণোদিতভাবে মোক উপৰ্যুপৰি কৰা প্ৰশ্ন (বা একপ্ৰকাৰৰ জেৰা)-ত অতীষ্ঠ হৈ মোৰ মুখেৰে এষাৰ কব নলগীয়া বাক্য ওলাই গৈছিল। সেই বাক্যশাৰী মই নিশ্চয় কব নালাগিছল। মই যদিও এগৰাকী নিৰ্দিষ্ট সাংবাদিকক উদ্দেশ্য কৰি সেই বাক্যশাৰী কৈছিলোঁ, তাক লৈ সমগ্ৰ সাংবাদিক সমাজে দুখ পোৱা বুলি জানি মই নিজেও মনত বৰ আঘাত পাইছোঁ। সেয়ে সকলোকে ভুল নুবুজিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ৷’’