NORTHEAST NOW (Assamese)
অসম

অসম আৰক্ষীৰ জালত হানি ট্ৰেপিং চক্ৰ : ধনী ব্যৱসায়ীৰ পৰা লুট লাখ লাখ টকা

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী June 29, 2025 6:45 pm

এক হানি ট্ৰেপিঙৰ ঘটনাই জোকাৰিছে যোৰহাট চহৰ। যোৰহাট আৰক্ষীৰ জালত পৰিছে এটা হানি ট্ৰেপিং চক্ৰ। জানিব পৰা মতে, এই চক্ৰটোৱে যোৱা তিনি বছৰ ধৰি এজন স্থানীয় ব্যৱসায়ীৰ পৰা লাখ লাখ টকা দাবী কৰি আহিছে।

জানিব পৰা মতে,  চক্ৰটোৱে ৰাজেশ আগৰৱালা নামৰ এজন লোকৰ পৰা ২০২২ চনৰ পৰাই ধন দাবী কৰি আহিছে। শেহতীয়াকৈ চক্ৰটোৱে আগৰৱালাৰ পৰা অতিৰিক্ত ৪৭ লাখ টকা দাবী কৰিছিল আৰু আনকি ভয় দেখুৱাই তেওঁৰ এখন দোকান কাঢ়ি ল’বলৈও চেষ্টা কৰিছিল।

অৱশেষত ব্যৱসায়ীজনে যোৰহাট আৰক্ষীত আনুষ্ঠানিক এজাহাৰ দাখিল কৰে। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৩০৮(৫)ৰ অধীনত গোচৰ ৰুজু কৰি ধন দাবীৰ ৰেকেটৰ তদন্ত আৰম্ভ কৰিছে।

এই অভিযানৰ মাষ্টাৰমাইণ্ড গজানন মুণ্ডা আৰু নন্দ কিশোৰ মুণ্ডা বুলি চিনাক্ত কৰা হৈছে। বৰ্তমান দুয়ো পলাতক। ৰেকেটৰ সৈতে জড়িত বুলি সন্দেহ কৰা একাধিক ব্যক্তিক আৰক্ষীয়ে চমন জাৰি কৰিছে, আৰু মূল অভিযুক্তক বিচাৰি উলিওৱাৰ প্ৰচেষ্টা অব্যাহত আছে।

চলি থকা তদন্তৰ অংশ হিচাপে আৰক্ষীয়ে পাৰভেজ হুছেইন নামৰ এজন যুৱকক জেৰা কৰিছে।

উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলাৰ সাধাৰণ সম্পাদক ৰিয়াজ হুছেইনৰ নামো এই চক্ৰটোৰ সৈতে সাঙুৰ খাইছে।  যোৰহাট আৰক্ষীয়ে জাননী জাৰি কৰি অহা ১ জুলাইত তেওঁক যোৰহাট সদৰ থানাত হাজিৰ হৈ জেৰাৰ নিৰ্দেশ দিছে।